![]()
বিল পৰিশোধ নকৰাৰ বাবে পাঁচ বছৰ পূৰ্বে ষ্টেডিয়ামৰ বিদ্যুত সংযোগ বিচ্ছিন্ন (Stadium’s power connection is disconnected) কৰি দিয়া হৈছিল। ভাৰত বনাম অষ্ট্ৰেলিয়াৰ চলিত টি-২০ শৃংখলাৰ শুকুৰবাৰৰ মেচখন ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত (Shaheed Veer Narayan Singh Stadium in Raipur) অনুষ্ঠিত হ’ব। কিন্তু ৰায়পুৰৰ খেলপথাৰৰ পৰিস্থিতিয়ে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক বিব্রত কৰিব পাৰে। কিয়নো ছত্তীশগড় ক্ৰিকেট সংস্থাই ৩.১৬ কোটি টকাৰ বিল পৰিশোধ কৰা নাই।
ছত্তীশগড় ক্ৰিকেট সংস্থাই ১৪ বছৰ ধৰি বিদ্যুতৰ বিল পৰিশোধ কৰা নাই। সেইকাৰণে পাঁচ বছৰ পূৰ্বে বিদ্যুত সংযোগ বিচ্ছিন্ন কৰা হৈছিল। ছত্তীশগড় ক্ৰিকেট এছ’চিয়েচনৰ অনুৰোধত শুকুৰবাৰৰ মেচখনৰ বাবে অস্থায়ী বিদ্যুৎ যোগান ধৰা হৈছে। অৱশ্যে পোহৰ কেৱল গেলেৰী আৰু বক্সত থাকিব। খেলপথাৰৰ ফ্লাডলাইটবোৰ জেনেৰেটৰেৰে জ্বলোৱা হ’ব। ৰায়পুৰ গ্ৰাম্য চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক খাণ্ডেলৱালে কয়, “ছত্তীশগড় ক্ৰিকেট সংস্থাই আয়োজন কৰা মেচখনৰ বাবে অস্থায়ী বিদ্যুৎ যোগান বৃদ্ধিৰ বাবে আবেদন কৰিছে।”

বৰ্তমান অস্থায়ী বিদ্যুৎ প্ৰণালীৰ পৰা ২০০ কিলোভল্ট বিদ্যুৎ উপলব্ধ হ’ব। ছত্তীশগড় ক্ৰিকেট সংস্থাই ইয়াক ১,০০০ কিলো ভল্টলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু কামটো এতিয়ালৈ আৰম্ভ হোৱা নাই।
২০১৮ চনত ৰায়পুৰৰ ষ্টেডিয়ামত এটা হাফ মাৰাথনৰ আয়োজন কৰা হৈছিল। তেতিয়াই খেলুৱৈসকলে অনুভৱ কৰিছিল যে ষ্টেডিয়ামত বিদ্যুৎ নাই। তেতিয়া খবৰ পোৱা গৈছিল যে ছত্তীশগড় ক্ৰিকেট সংস্থাই ২০০৯ চনৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰা নাই। ৰায়পুৰ ষ্টেডিয়াম নিৰ্মাণৰ পিছত পিডব্লিউডিক ইয়াক ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছে।
ছত্তীশগড় ক্ৰিকেট এছ’চিয়েচনৰ (চিচিএ) মুখ্য জনসম্পৰ্ক বিষয়া তৰুনেশ সিং পৰিহাৰে কয়, “এখন আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰোঁতে সদায় চিন্তাৰ বিষয় থাকে। মই জোৰ দি ক’ব নোৱাৰো যে কোনো সমস্যা নহ’ব। কিন্তু আমাৰ ওচৰত জেনেৰেটৰ আছে। যদি কোনো সমস্যা হয়, ইয়াক ব্যৱহাৰ কৰা হ’ব। ষ্টেডিয়ামৰ বাবে কিমান বিদ্যুতৰ বিল বাকী আছে মই নাজানো, কিন্তু ছত্তীশগড় ক্ৰিকেট এছ’চিয়েচনে অস্থায়ী বিদ্যুতৰ ব্যৱস্থা কৰিছে।”













