
মঙলবাৰে অনুষ্ঠিত হৈছে ২০২৪ বৰ্ষৰ আইপিএলৰ নিলাম (IPL auction)৷ আইপিএলৰ দহটা ফ্ৰেন্সাইজীয়ে এই নিলামত অংশগ্ৰহণ কৰিছে। ডুবাইৰ কোকাকোলা এৰিনাত এইবাৰৰ আইপিএল নিলাম অনুষ্ঠিত হৈছে৷ কিন্তু এইবাৰৰ আইপিএল নিলামত ইতিহাস সৃষ্টি (Creating history at IPL auction) হৈছে।

অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ষ্টাৰ্ক (Australian bowler Mitchell Starc) আইপিএলৰ ইতিহাসত সৰ্বাধিক মূল্যত চুক্তিবদ্ধ (Contract at the highest price) হৈছে৷ কলকাতা নাইট ৰাইডাৰ্ছে ২৪ কোটি ৭৫ লাখ টকাত ষ্টাৰ্কক চুক্তিবদ্ধ (Starc contracted for Rs 24.75 crore) কৰিছে৷ আনহাতে, অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সো অভিলেখ মূল্য ২০ কোটি ৫০ লাখ টকাত নিলাম হয়৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে কামিন্সক ক্ৰয় কৰে । আনহাতে, অষ্ট্ৰেলিয়াৰে আন এগৰাকী ক্ৰিকেটাৰ বেটছমেন ট্ৰেভিছ হেড ৬.৮০ কোটি টকাত নিলাম হয় । তেওঁকো ছান ৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰে৷













