
সদ্য সমাপ্ত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে বিপুল জয় লাভ কৰিছে। প্ৰয়াত বংগবন্ধু মুজিবুৰ ৰহমানৰ কন্যা শ্বেখ হাছিনাই (Sheikh Hasina) চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰীৰ চকীত বহি নজিৰ গঢ়িবলৈ ওলাইছে। এই ‘ঐতিহাসিক’ বিজয়ৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ফোন কৰি অভিনন্দন জনায়।

আনহাতে, মোডীৰ অফিচিয়েল এক্স-হেণ্ডলত লিখা হৈছে, “প্ৰধানমন্ত্ৰীয়ে শ্বেখ হাছিনাৰ সৈতে কথা পাতি সংসদীয় নিৰ্বাচনত ঐতিহাসিক চতুৰ্থ জয়ৰ বাবে অভিনন্দন জনায়।” প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ এক সূত্ৰই জনোৱা মতে, মোডীয়ে হাছিনাক ফোনযোগে জয়লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কয়, “ভাৰত -বাংলাদেশৰ বন্ধুত্ব, দুয়োখন দেশৰ মাজত জনসাধাৰণৰ অংশীদাৰিত্ব বজাই ৰখা আৰু শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”
উল্লেখযোগ্য যে বাংলাদেশৰ ৩০০ আসনৰ ৰাষ্ট্ৰীয় বিধানসভাৰ ২৯৮ গৰাকীয়ে দেওবাৰে ভোটদান কৰে (এজন প্ৰাৰ্থীৰ মৃত্যু আৰু আন এজন প্ৰাৰ্থীয়ে মনোনয়ন বাতিলৰ বাবে ভোটদান কৰিব নোৱাৰিলে)। ইয়াৰে ভিতৰত আৱামী লীগে ২২৫ টা লাভ কৰে। আনহাতে, বহু কূটনৈতিক পৰ্যবেক্ষকৰ মতে হাছিনাৰ এই বিজয়ে নতুন দিল্লী-ঢাকাৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব।












