
সোণম ৱাংচুকে অভিযোগ (Complaint against Sonam Wangchu) কৰে যে কেন্দ্ৰীয় চৰকাৰে (Central Govt.) দিয়া প্ৰতিশ্ৰুতি অনশন ভংগ কৰাৰ পাঁচ মিনিটৰ ভিতৰতে ভংগ কৰে। নীট প্ৰশ্নকাকত ফাদিলৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত অনশন কৰি আছিল শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীয়ে। ককৰোচ জনতা পাৰ্টীৰ আন্দোলনত যোগদান কৰিছিল ৱাংচুকে। ২০ দিনৰ অনশনৰ অন্তত কেন্দ্ৰীয় চৰকাৰে তেওঁক বলপূৰ্বকভাৱে লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াৰ পিছত ২৬ দিনৰ অন্তত চিকিৎসালয়ত অনশন ভংগ কৰে ৱাংচুকে। তেতিয়াও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা নাছিল। সেই সময়ত প্ৰশ্ন উত্থাপন হয় যে তেওঁ হেঁচাত নতশিৰ হৈ আন্দোলনৰ পৰা আঁতৰি গৈছিল নেকি? তাতোকৈ ডাঙৰ প্ৰশ্ন এটা উত্থাপন হ’ল, যেতিয়া তেওঁ দুই কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা আৰু জিতেন্দ্ৰ সিঙৰ হাতৰ পৰা চুপ খাই অনশন ভংগ (Breaking the fast quietly) কৰাৰ ছবি (Photo) এখন পোহৰলৈ আহে। ২৩ জুলাইৰ ঘটনাৰ প্ৰায় ১৫ দিনৰ পাছত ৱাংচুকে অভিযোগ কৰে যে খৰখেদাকৈ ছবিখন প্ৰকাশ (Publish the picture urgently) কৰি তেওঁৰ বিশ্বাস ভংগ কৰা হৈছে। ৱাংচুকে সেই কাণ্ডত ৰাজনীতিবিদৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা বুলিও মন্তব্য কৰে।
বুধবাৰে ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৱাংচুকে দাবী কৰে যে বিৰোধী দলৰ নেতা আৰু প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ অনশন শেষ হোৱাৰ কথা ঘোষণা কৰাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে তেওঁৰ বৈঠকৰ কোনো ছবি প্ৰকাশ কৰা নহ’ব বুলি কেন্দ্ৰৰ সৈতে হোৱা আলোচনাত সহমতত উপনীত হৈছিল। নাড্ডাই যেতিয়া তেওঁক লগ কৰিবলৈ আহিছিল, তেতিয়া মাজনিশা পাৰ হৈ গৈছিল। ৱাংচুকে কয়, “মই তেওঁলোকক কৈছিলোঁ যে মই অনশন ভংগ কৰিছোঁ। কিন্তু বাতৰিটো মোৰ চৰ্ত অনুসৰি প্ৰকাশ কৰা উচিত, সেয়া হৈছে বিৰোধী দলৰ নেতা আৰু সম্ভৱ হ’লে ছাত্ৰ নেতাৰ সৈতে ফটো তোলা। তেতিয়া বুজিব পৰা যাব যে এয়া এক যৌথ পদক্ষেপ।”

ৱাংচুকে দাবী কৰে যে মন্ত্ৰীসকলে এই প্ৰস্তাৱ মানি লৈছিল আৰু সেই সময়ত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলো উপস্থিত আছিল। ৱাংচুকে কয়, “মন্ত্ৰীসকলে নিজাকৈ ফটোগ্ৰাফাৰ আনিছিল। আই বি বিষয়াসকলক ক’লোঁ যে আপোনালোক এই বুজাবুজিৰ সাক্ষী। যেতিয়ালৈকে মই সকলো দলৰ প্ৰতিনিধিৰ সন্মুখত অনশন ভংগৰ কথা নকওঁ, তেতিয়ালৈকে কোনেও এই ছবিসমূহ সংবাদ মাধ্যমত প্ৰকাশ নকৰিব। কিন্তু ৫ মিনিটৰ ভিতৰতে আই বিৰ এজন বিষয়াই হাঁহি হাঁহি মোৰ ওচৰলৈ আহি কয়, ‘ছাৰ, কেনেকৈ হ’ল নাজানো, কিন্তু সকলো টিভি চেনেলে ছবিবোৰ দেখুৱাইছে।”
ৱাংচুকে কয় যে চৰকাৰে এই দাবী মানি লোৱাৰ পিছত লাডাখত বিষয়াসকলৰ হাতৰ পৰা চুপ বা ফলৰ ৰস খাই অনশন ভংগ কৰাটো নিয়ম। কিন্তু কেতিয়াও এনেদৰে দেখুওৱা নহয় যে কেৱল শাসকীয় দলৰ সান্নিধ্যতহে ঘটে। তেওঁ কয়, “তেওঁলোকে (কেন্দ্ৰীয় মন্ত্ৰী দুজনে) প্ৰতিশ্ৰুতি ভংগ কৰিছে, সেইবাবেই এই সকলো নেতাৰ ওপৰত মোৰ আস্থা হেৰাই গৈছে।”
অনশনৰ পিছত চিজেপি নেতাসকলৰ সৈতে ৱাংচুকৰ সম্পৰ্ক কিছু পৰিমাণে কমি যোৱাও লক্ষ্য কৰা যায়। যদিও তেওঁলোকে ৰাজহুৱাভাৱে অনশন প্ৰত্যাহাৰক আদৰণি জনাইছিল, অভিজিৎ দীপকে আৰু সৌৰভ দাসে আন্দোলন বাতিল কৰিবলৈ সন্মত হোৱা নাছিল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ পৰা তেওঁলোকে লৰচৰ নকৰে বুলিও কয়। কেন্দ্ৰীয় চৰকাৰেও বুজি পাইছিল যে ৱাংচুকৰ সৈতে আপোচ কৰি পঁইতাচোৰাৰ আন্দোলন ভংগ কৰাটো সম্ভৱ নহ’ব। ফলত ২৫ তাৰিখে বিয়লি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে।
উল্লেখ্য যে কেন্দ্ৰ আৰু ৱাংচুকৰ চুক্তিক লৈ একাংশই সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ আঁৰত কিবা ‘বুজাবুজি’ আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছিল। ৱাংচুকে কয়, “মই যদি সেইটো (বুজাবুজি) কৰিলোঁহেঁতেন তেন্তে আমি বহু আগতেই কৰিব পাৰিলোহেঁতেন। তেনে কৰিলে মই ২৬ দিন অনশনত বহিব নালাগিলহেঁতেন। মোৰ বহুত সুযোগ আছিল।”












