
মঙলবাৰে পুৱা ৮ মান বজাত ডিলাইত অবৈধ বাৰ্মিজ চুপাৰি (Burmese Supari) ভৰ্তি ট্ৰাক সহ দুটা সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে আহি থকা এএছ ০১ এম চি ৭৩১৯ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডিলাই তিনি আলিত আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ হয় বাৰ্মিজ চুপাৰিখিনি ৷

তালাচীত প্ৰায় ১৬ কুইণ্টল অবৈধ বাৰ্মিজ চুপাৰি জব্দ কৰা হয় ৷ চুপাৰিখিনি সৰবৰাহকাৰীয়ে ট্ৰাকখনৰ পিছফালে গোপন চেম্বাৰত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল ৷

এই সন্দৰভত আৰক্ষীয়ে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে হোজাই নীলবাগানৰ আব্দুৰ ৰহিমৰ পুত্ৰ আব্দুল বাৰেক (৪০) বছৰ আৰু কাৰবি আংলং জিলাৰ হাওৰাঘাট মিস্ত্ৰিবালিৰ মতিলাল গোৱালাৰ পুত্ৰ শিৱা গোৱালাক আটক কৰিছে ৷ এই সন্দৰ্ভত এক গোছৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













