
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক ক্ষমা (Apologies to Dr. Nagen Saikia) খুজিলে অসম সাহিত্য সভাই (Assm Sahitya Sabha)। উল্লেখ্য যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ নামত ভাঙি পেলোৱা হৈছিল নগেন শইকীয়াৰ নামত থকা এখন ফলক। এই ঘটনাই কেৱল ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমজুৰি সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

যাৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এটা দল ডিব্ৰুগড় জিলা সাহিত্য সভাৰ নৱনিৰ্মিত কাৰ্যালয়ত উপস্থিত হয়। তাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ পিছতে ড৹ নগেন শইকীয়াৰ ওচৰত ক্ষমা খোজে অসম সাহিত্য সভাই। লগতে নগেন শইকীয়াৰ নাম থকা এখন নতুন ফলক কাৰ্যালয়টোত আঁৰি দিয়া হয় । লগতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলক এই সন্দৰ্ভত ডঃ নগেন শইকীয়াক লিখিতভাৱে ক্ষমা খোজাৰো নিৰ্দেশ দিয়ে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে।













