“ৰেড এফ এম লভ ষ্টৰী” আপোনালোক সকলোৰে প্ৰিয়। সেই প্ৰেমৰ গল্পটিয়ে যদিও আপোনাক আকৰ্ষণ নকৰে তেতিয়াও সেই গল্পটিক কিন্তু এৰিব পৰা নাযায়। কিয় এনে হয় বাৰু?? ইয়াৰ কাৰণ মাত্ৰ এটাই; সেইটো হৈছে গল্পটি বৰ্ণনা কৰি থকা সেই ছোৱালীজনী। কন্ঠত মাদকতা থকা লগতে প্ৰেমৰ গল্পটিত আৰু অধিক প্ৰেমময় ৰস সনা সেই আৰ.জে গৰাকী। চিনাকী কৰাই দিয়াৰ হয়টো একেবাৰেই প্ৰয়োজন নাই; সেইগৰাকী হৈছে সকলোৰে মৰমৰ আৰ.জে পাহী ওৰফে প্ৰণামিকা ভূঞা।


কন্ঠৰ যাদুৰে শ্ৰোতাৰ হৃদয় জিনা এই আৰ.জে গৰাকীয়ে আজি উদযাপন কৰিছে তেওঁৰ জন্মউৎসৱ। বিগত ১১ বৰ্ষত নিজ কন্ঠৰে শ্ৰোতাক আলোড়িত কৰা আৰ.জে.পাহি ওৰফে প্ৰণামিকা ভূঞালৈ Assam Times Post ৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।













