ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok Sabha election 2024 : লোকসভা নিৰ্বাচন, ১০ দিনত ১২খন ৰাজ্য ভ্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 4, 2024
Reading Time: 1 min read
A A
0
Lok Sabha election 2024 : লোকসভা নিৰ্বাচন, ১০ দিনত ১২খন ৰাজ্য ভ্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ পূৰ্বে আগন্তুক ১০ দিন দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ (10-day tour of different parts of the country) কৰিব। তেওঁ ১২খন ৰাজ্য ভ্ৰমণ কৰাৰ কথা। সোমবাৰৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। প্ৰধানমন্ত্ৰীৰ আগন্তুক ১০ দিনত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ২৯টা কাৰ্যসূচী আছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰীৰ বিভিন্ন ৰাজ্য ভ্ৰমণ। তেওঁ তেলেংগানা, তামিলনাডু, ওড়িশা, পশ্চিমবংগ, বিহাৰ, জম্মু-কাশ্মীৰ, অসম, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আৰু দিল্লী ভ্ৰমণ কৰিব। কেন্দ্ৰৰ শাসকীয় দলটোৱে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এই ৰাজ্যসমূহত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰিছে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী :

৪ মাৰ্চ : সোমবাৰে তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। আদিলাবাদত তেওঁৰ ৰাজহুৱা সভা আছে। ইয়াৰ পূৰ্বে তেওঁ তাত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব। তেলেংগানাত অনুষ্ঠিত বৈঠকৰ পাছত সোমবাৰে তামিলনাডুত উপস্থিত হ’ব মোডী। তেওঁ কল্পকমস্থিত ভাৰতীয় নৱিকীয়া বিদ্যুৎ নিগম লিমিটেডৰ (ভাবিনী) কাৰ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পিছত তেওঁ চেন্নাইত ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। সোমবাৰে চেন্নাইৰ পৰা পুনৰ হায়দৰাবাদলৈ ৰাওনা হ’ব।

৫ মাৰ্চ : মঙলবাৰেও তেলেংগানাত প্ৰধানমন্ত্ৰীৰ একাধিক কাৰ্যসূচী। তেওঁ সাংগাৰেডীত কেইবাটাও চৰকাৰী প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ তাত থকা জনসভাত ভাষণ দিব। মঙলবাৰে ওড়িশালৈ উৰা মাৰিব। ওড়িশাৰ চণ্ডীখোলত কেইবাটাও চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে। একেদৰে প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক বৈঠকো আছে। ইয়াৰ পিছত তেওঁ পশ্চিমবংগলৈ যাব।

৬ মাৰ্চ : বুধবাৰে কলকাতাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তেওঁ ১৫,৪০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰাৰ কথা। সেইদিনা প্ৰধানমন্ত্ৰীয়ে হাওৰা ময়দানৰ পৰা গংগাৰ তলৰ এস্প্লেনেডলৈ মেট্ৰ’ উদ্বোধন কৰিব। ইয়াৰ পিছত বৰাছাটত ৰাজহুৱা সভা অনুষ্ঠিত কৰিব মোডীয়ে। ৬ তাৰিখেই তেওঁ বিহাৰত উপস্থিত হব। তাত ১২,৮০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হ’ব।

modi | ASSAM TIMES POST

৭ মাৰ্চ : চতুৰ্থদিনা জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব মোডীয়ে। তেওঁ শ্ৰীনগৰৰ বাক্ষী ষ্টেডিয়ামত এক সমাৱেশ অনুষ্ঠিত কৰাৰ কথা। ২০১৯ চনৰ আগষ্ট মাহত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত প্রধানমন্ত্রীয়ে প্রথমবাৰৰ বাবে কাশ্মীৰ উপত্যকাত ভৰি দিবলৈ ওলাইছে৷ ইয়াৰ পূৰ্বে জম্মুত চৰকাৰী প্ৰকল্প উদ্বোধন অনুষ্ঠানলৈ গৈছিল। তেওঁ কাশ্মীৰৰ পৰা দিল্লীলৈ উভতি আহিব।

৮ মাৰ্চ : দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো নেচনেল ক্ৰিয়েকৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। শেহতীয়াকৈ তেওঁ ‘মন কি বাত’ অনুষ্ঠানত সেই কথা কৈছিল। শুকুৰবাৰে তেওঁ দিল্লীৰ পৰা অসমলৈ ৰাওনা হ’ব। তাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হ’ব।

৯ মাৰ্চ : শনিবাৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব মোডীয়ে। তেওঁ পশ্চিম কামেঙত ছেলা সুৰংগ উদ্বোধন কৰিব। ইয়াৰ পিছত ৰাজধানী ইটানগৰলৈ গৈ চৰকাৰী কিছু প্ৰকল্প উদ্বোধন কৰিব। তাৰ পৰা আকৌ অসমলৈ আহিব। মোডীয়ে উন্মোচন কৰিব যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। তাৰ পিছত পশ্চিমবংগলৈ যাব। সেইদিনা প্ৰধানমন্ত্ৰীয়ে শিলিগুৰিত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ কথা।

১০ মাৰ্চ : দেওবাৰে বংগ এৰি উত্তৰ প্ৰদেশলৈ যাব প্ৰধানমন্ত্ৰী। আজমগড়ত উদ্বোধন কৰা হ’ব কেইবাটাও প্ৰকল্প। মঞ্চত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

১১ মাৰ্চ : সোমবাৰে পুনৰ দিল্লী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। তাত ‘নমো ড্ৰোন দিদি’, ‘লাখপতি দিদি’ৰ দৰে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। লগতে তেওঁ দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা শাখাও উদ্বোধন কৰিব। ইয়াৰ পিছত ডিআৰডিঅ’ৰ এক অনুষ্ঠানত অংশ ল’ব মোডীয়ে।

১২ মাৰ্চ : নৱমদিনা গৃহ ৰাজ্য গুজৰাট ভ্ৰমণ কৰিব মোডীয়ে। সাবৰমতীত তেওঁ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তাৰ পৰা ৰাজস্থানলৈ যাব। পোখৰাণ আৰু জয়ছালমেৰ ভ্ৰমণৰ কথা তাৰ পিছত।

১৩ মাৰ্চ : প্ৰধানমন্ত্ৰীয়ে চূড়ান্ত পৰ্যায়ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাট আৰু অসমত মুঠ তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

Tags: LokSabhaElection24প্ৰধানমন্ত্ৰীৰভ্ৰমণলোকসভানিৰ্বাচন
Share4Tweet3Send

Related Posts

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

by News Desk
August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

by News Desk
August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

by News Desk
August 1, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx