ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
আদাপানী বা আদা চাহ প্ৰস্তুত কৰা হয় সতেজ আদা পানীত উতলাই, ঠাণ্ডা কৰি আৰু তাৰপিছত সেই পানীয় চেকি লৈ৷ চেকি উঠাৰ পিছত তাত নেমুৰ ৰস আৰু মৌ মিহলাই লাহে লাহে ঘুটি দিব লাগে৷ ডাঃ পি এছ ফাৰ্কে নামৰ এগৰাকী চিকিৎসকে তেওঁৰ পুথি ‘হ’ম ডক্টৰ’ত উল্লেখ কৰিছে যে নিয়মিতভাৱে আদাপানী সেৱন কৰিলে কিডনীৰ সমস্যা, গাঁঠিৰ বিষ, এলাৰ্জী আৰু চৰ্দী উপশমত সহায় কৰিব পাৰে৷ মাইক্ৰ’বায়’টিক নিউট্ৰিচনিষ্ট এণ্ড হেল্থ প্ৰেক্টিচনাৰ শিল্পা অৰোৰাৰ মতে, “আদাপানীয়ে হজমত সহায় কৰে আৰু চৰ্দি আৰু জ্বৰৰ সংক্ৰমণৰ চিকিৎসাত সহায় কৰে৷ ইয়াৰ উপৰি নিয়মিতভাৱে কম পৰিমাণত গ্ৰহণ কৰিলে এজমাত ভুগি থকা লোকৰ বাবে সহায়ক হয়৷ ইয়াৰ এণ্টি-ইনফ্লেমেট’ৰী গুণে শক্তিশালী এণ্টিবায়’টিক হিচাপে ক্ৰিয়া কৰে৷”
নিয়মিতভাৱে আদাপানী সেৱনৰ ৬টা আশ্চৰ্যকৰ উপকাৰিতা
(১) হজমৰ বাবে ভাল
প্ৰতিদিনে এগিলাচ আদাপানী সেৱন কৰিলে পৰিপাকতন্ত্ৰ শক্তিশালী হোৱাত সহায় কৰে আৰু বদহজমী, বমি আৰু বুকু জ্বলা-পোৰা কৰা দূৰ কৰে৷
(২) ডায়েবেটিছ দূৰৈত ৰাখে
আদা-নেমুপানীক কিডনী নষ্ট হোৱাৰ সম্ভাৱনা হ্ৰাসকাৰক বুলি জনা যায়৷ লগতে ডায়েবেটিছৰ প্ৰভাৱো কমাই ৰাখে৷ আদা হ’ল জিংকৰ এক চহকী উৎস যিটোৱে ইনছুলিন বাহিৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
(৩) ওজন হ্ৰাসৰ উত্তৰণ ঘটায়
উচ্চ ব্লাড ছুগাৰৰ স্তৰে ভোক বঢ়াব পাৰে আৰু অতিমাত্ৰা খোৱাৰ দিশে লৈ যায়৷ আদাপানীয়ে ব্লাড ছুগাৰৰ স্তৰ নিয়মীয়া কৰে আৰু লগে লগে খোৱাৰ প্ৰৱণতাও নিয়ন্ত্ৰণত ৰাখে৷ ই দেহৰ চৰ্বী শোষণ সক্ষমতাৰ উন্নয়ন ঘটায় যিটোৱে ওজন হ্ৰাসত সহায় কৰে৷
(৪) স্বাস্থ্যৱান চুলি আৰু ছালৰ বাবে আদাপানী
আদাত থকা এণ্টিঅক্সিডেণ্টছ আৰু ভিটামিনৰ বাবে, আদাপানী সেৱন কৰিলে আপোনাৰ ছাললৈ প্ৰাকৃতিক চিকমিকনি আনি দিয়ে৷ ইয়াৰ উপৰি ভিটামিন ক আৰু গ থকাৰ বাবে চুলিৰ গুৰিৰ উন্নতি ঘটায়৷ আদাপানীয়ে তেজ পৰিষ্কাৰ কৰে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণে ছালৰ ৰোগ পৰিচৰ্যা আৰু প্ৰতিৰোধত সহায় কৰে৷
(৫) আলজেইমাৰৰ পৰা সুৰক্ষা দিয়ে
আলজেইমাৰ ৰোগ হ’ল এক প্ৰগ্ৰেছিভ নিউৰ’ডিজেনেৰেটিভ বিসংগতি৷ ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক আক্ৰান্ত কৰে৷ বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত হৈছে যে আদাই মস্তিষ্কৰ কোষসমূহ নিষ্ক্ৰিয় হোৱাৰ গতি হ্ৰাস কৰে৷ গৱেষকসকলে এইটোও পাইছে যে আদাত থকা শক্তিশালী যৌগ আৰু এণ্টিঅক্সিডেণ্টছসমূহে মস্তিষ্কত সংঘটিত উত্তেজনাপূৰ্ণ ক্ৰিয়াসমূহৰ বিপক্ষে যুঁজ কৰে৷
(৬) মাংসপেশীক আৰাম প্ৰদান কৰে
যেতিয়া আপুনি ব্যায়াম কৰিব, আপোনাৰ মাংসপেশীসমূহে কাম কৰিবলৈ আৰম্ভ কৰে আৰু ভাগৰুৱা হৈ পৰিব পাৰে৷ আপোনাৰ মাংসপেশীক পুনৰ সক্ৰিয় কৰিবৰ বাবে এগিলাচ আদাপানী খাব পাৰে৷













