ASSAM TIMES POST
# বিশেষ প্ৰতিবেদন #
ভাৰতত উচ্চ ৰক্তচাপ প্ৰায় সাধাৰণ৷ ই হ’ল এনে এক প্ৰকাৰ অৱস্থা, যাৰ দ্বাৰা হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা প্ৰবল৷ ৰক্ত প্ৰৱাহিত ধমনীত ৰক্ত সঞ্চালনৰ চাপ বৃদ্ধি পোৱাটোকে সাধাৰণ অৰ্থত উচ্চ ৰক্তচাপ বুলিব পাৰি৷ যেতিয়া আপুনি এবাৰ উচ্চ ৰক্তচাপত ভোগা বুলি চিনাক্ত হয়, চিকিৎসকে পোনতে আপোনাক ইয়াৰ মাত্ৰা কমাবৰ বাবে ঔষধ প্ৰদান কৰে৷ কিন্তু প্ৰকৃতাৰ্থত চাবলৈ গ’লে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিজৰ জীৱন শৈলী উন্নয়নৰ বাবে কাম কৰা, স্বাস্থ্যৰ ওজন বজাই ৰখা আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো জৰুৰী৷ এক স্বাস্থ্যকৰ জীৱন শৈলীয়ে উচ্চ ৰক্তচাপৰ বাবে ঔষধ গ্ৰহণৰ প্ৰয়োজনীয়তাও নোহোৱা কৰিব পাৰে৷ ইয়াত প্ৰাকৃতিকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰা কেইটামান বিষয়ৰ কথা উল্লেখ কৰা হৈছে৷
(১) স্বাস্থ্যসন্মত ওজন বজাই ৰখা আৰু উচ্চ ৰক্তচাপ নিৰাময়ৰ বাবে কঁকালৰ আকাৰ লক্ষ্য কৰা :
ওজন বঢ়াৰ লগে লগে সাধাৰণতে ৰক্তচাপ বৃদ্ধি পোৱাটো দেখা যায়৷ অতিমাত্ৰা ওজনে নিদ্ৰা চক্ৰতো বিঘিনি ঘটাব পাৰে, যিটো পৰৱৰ্তী সময়ত উচ্চ ৰক্তচাপলৈ পৰিৱৰ্তন হ’ব পাৰে৷ সেয়েহে নিজৰ ওজন সদায় নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব লাগে৷ মেয়’ক্লিনিকৰ মতে, এগৰাকী ব্যক্তিৰ প্ৰতি কেজি ওজন হ্ৰাসৰ লগে লগে ৰক্তচাপ ১ মিমি এইচজি কমে৷ লগতে নিয়মিত ৰূপত নিজৰ কঁকালৰ আকাৰ জুখিব লাগে আৰু ইয়াৰ বৃদ্ধি নিয়ন্ত্ৰণত ৰাখিব লাগে৷ কিয়নো কঁকালৰ আকাৰ বৃদ্ধি পোৱা মানেই ওজন বৃদ্ধি পোৱা আৰু ওজন বৃদ্ধি মানেই ৰক্তচাপ বৃদ্ধিৰ সম্ভাৱনীয়তা বৃদ্ধি পোৱা৷
(২) নিয়মীয়া ব্যায়ামেৰে শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকক :
উচ্চ ৰক্তচাপত ভুগি থকা ব্যক্তিসকলে প্ৰতি সপ্তাহত ১৫০ মিনিট মধ্যমীয়া প্ৰকাৰৰ আৰু ৯০ মিনিট সময় উচ্চ প্ৰকাৰৰ ব্যায়াম কৰোটা অতি জৰুৰী৷ নিয়মিত ব্যায়ামে হাইপাৰটেনচন ৰোধত সহায় কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আনে৷ জিৰণিৰ দিনতো নিজকে শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰখাটোও গুৰুত্বপূৰ্ণ৷ দীৰ্ঘ সময় ধৰি একে স্থানত বহি নাথাকিব৷ যেতিয়াই সম্ভৱ চলা-ফুৰা কৰি থাকিব৷ উচ্চ ৰক্তচাপ ৰোধৰ বাবে নিজৰ ফিটনেছ ৰুটিনত খোজকঢ়া, জগিং, সাঁতোৰা, নৃত্য আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰি ল’ব৷
(৩) স্বাস্থ্যকৰ খাদ্য :
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সুষম আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰক্ৰিয়াকৰণ, পেকেটিং আৰু ‘জাংক ফুড’ জাতীয় খাদ্য গ্ৰহণ পৰিহাৰ কৰক৷ এই খাদ্যবোৰ পেকেটিঙৰ সময়ত ছ’ডিয়াম আৰু অন্য সংৰক্ষণীয় পদাৰ্থ ব্যৱহাৰ কৰে, যিয়ে ৰক্তচাপৰ মাত্ৰা বঢ়োৱাত সহায় কৰে৷ ইয়াৰ লগতে পটেছিয়াম সমৃদ্ধ খাদ্য তালিকাত সংযোজন ঘটাওক, যিয়ে ৰক্তচাপত ছ’ডিয়ামৰ প্ৰভাৱ হ্ৰাস কৰে৷ কল, কমলা, এপ্ৰিক’ট (মালহৈ), শুকান ফল, কিচমিচ আদি হ’ল পটেছিয়াম সমৃদ্ধ ফলৰ উদাহৰণ৷ এইবোৰে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখে৷
(৪) এলকহল আৰু ধুম্ৰপান বৰ্জন কৰক :
উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে দৈনিক মদ্যপান আৰু ধুম্ৰপানৰ দৰে জীৱন শৈলী অতিমাত্ৰা বিপজ্জনক৷ এলকহলে ৰক্তচাপ বঢ়োৱাই নহয়, হাইপাৰটেনছনৰ ঔষধসমূহতো পাৰ্শ্বক্ৰিয়া কৰে৷ কেইবা মিনিট ধৰি চিগাৰেট হুপি থাকিলেও ৰক্তচাপ বৃদ্ধি পাব পাৰে৷
(৫) চাপ কমাওক :
উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে নিয়মিত চাপ হানিকাৰক হ’ব পাৰে৷ লাইফ ষ্টাইল প্ৰশিক্ষক লুক কুটিনহোৰ মতে, জীৱনত পাৰ কৰি অহা চাপপূৰ্ণ প্ৰতিটো অৱস্থাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ নহয়৷ সেইবোৰ অৱজ্ঞা কৰিবলৈ শিকক আৰু অতি লঘুভাৱে লওক৷ এক ধনাত্মক দৃষ্টিভংগী গঢ়ি তোলক আৰু নিজৰ কাৰ্যত জড়িত হওক যাতে কম চাপ অনুভৱ কৰে আৰু হাইপাৰটেনছন ৰোধ কৰিব পাৰে৷
(৬) কেফেইন কম ব্যৱহাৰ কৰক :
উচ্চ ৰক্তচাপত কেফেইনে অৰিহণা যোগাব পাৰে৷ চাহ, কফি, চ’ডা পানী আৰু অন্যান্য শক্তিবৰ্ধক পানীয় আদি হ’ল উচ্চ কেফেইন পানীয়ৰ উদাহৰণ৷ যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে তেতিয়াহ’লে এইবোৰ বাদ দিবই লাগিব৷
নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক, পাৰিলে প্ৰতিদিনে এবাৰ৷ স্বাস্থ্যৱান জীৱন শৈলী হ’ল ইয়াক নিয়ন্ত্ৰণত ৰখাৰ অন্যতম উপায়৷













