
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি (Kherani)আৰু কার্বি আংলং জিলা (Karbi Anglong)ৰ হাওৰাঘাট (Howrahghat)ত পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR Land)ত অখিলঞ্জীয়া লোকে অনাধিকাৰ দখল সাব্যস্ত কৰি বসবাস কৰাক লৈ কিছুদিন পূর্বে উত্তাল হৈ পৰিছিল দুয়োখন পার্বত্য জিলা। প্রায় চাৰিদিন অচল হৈ পৰা দুই পাহাৰীয়া জিলা দুখনৰ উত্তপ্ত পৰিস্থিতি শান্ত কৰাৰ বাবে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে যোরা ২০ ফেব্রুবাৰীত এখন সর্বদলীয় আৰু দল-সংগঠনৰ সভা অনুষ্ঠিত কৰি পিজিআৰ-ভিজিআৰ ভূমিত দখল সাব্যস্ত কৰি থকা সকলক উচ্ছেদৰ আশ্বাস দিয়াত অচলাবস্থাৰ ওৰ পৰিছিল। এইবাৰ লোকসভা নির্বাচনত যে পাহাৰৰ পিজিআৰ-ভিজিআৰ ভূমি দখল এক নির্বাচনী ইচ্ছ্যু হ’ব তাৰ উমান পোৱা গ’ল৷

আজি বিৰোধী এপিএইচএলটি দলৰ (APHLT Party) মুখপাত্র আংতং ইংতি কাথাৰৰ নেতৃত্বত আজি হঠাৎ এটা দলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদন (Karbi Anglong Autonomous Council) প্রৱেশ পথত অবস্থান কৰি ধৰ্ণা প্রদর্শন (Dharna shown at entry route) কৰে ৷ উল্লেখ্য যে ১৬ ফেব্রুবাৰীত খেৰণিত পিজিআৰ-ভিজিআৰক লৈ সংঘাত হোৱা স্থানত উপস্থিত হৈ বিধায়ক দৰছিং ৰংহাং আৰু পৰিষদৰ ৰাজহ বিভাগৰ কার্যবাহী সদস্য অমকছিং তিছ’ই ৭ মার্চৰ ভিতৰত ছার্থে ফাংছ নামৰ ব্যাক্তিগৰাকীৰ ভূমিত বিহাৰী লোকে কৰা বেদখল মুক্ত কৰাৰ প্রতিশ্রুতি দিছিল।

পৰিষদে প্রতিশ্রুতি দিলে যদিও প্রতিশ্রুতি অনুসৰি বেদখল মুক্ত নকৰাত আজি পৰিষদৰ মূল প্রৱেশ দ্বাৰৰ সম্মুখত এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা বুলি প্রতিবাদকাৰীসকলে জানিবলৈ দিয়ে। আৰক্ষীয়ে এই প্রতিবাদৰ বাতৰি লাভ কৰি প্রতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আঁতৰাই পঠায়। প্রতিবাদকাৰীসকলে উক্ত স্থান ত্যাগ কৰি পৰিষদৰ অধ্যক্ষ ৰীজু তিছ’ৰ চৰকাৰী আৱাসৰ সন্মুখত প্রতিবাদ অব্যাহত ৰাখিছে। আনহাতে, পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে উচ্ছেদ কার্য চলোৱাৰ বাবে বহু চককাৰী নীতি নিয়মৰ কথা দোহাৰি সংবাদমাধ্যমৰ আগত কয় যে, উচ্ছেদ চলোৱাৰ পূর্বে পৰিষদে এক জৰীপ চলাব লাগিব। ইয়াৰোপৰি পৰিষদে উচ্ছেদ চলোৱাৰ বাবে আৰক্ষী বাহিনীৰ প্রয়োজন হ’ব আৰু অগন্তুক নির্বাচনৰ পূর্বে ই সম্ভব নহ’ব। উক্ত স্থানত উচ্ছেদ চলোৱা হ’বই বুলি ৰংহাঙে দাবী কৰে।












