![]()
ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব সংশোধনী আইন। জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে নৰেন্দ্ৰ মোডীৰ চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা ৰূপায়ণ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে। কিন্তু এই কা সম্পৰ্কে এতিয়াও বহু দেশবাসীৰ স্পষ্ট ধাৰণা নাই।

এবাৰ চাওঁ আহক কা কি?
২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে দেশলৈ অহা শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিয়া হৈছে। সেই দেশৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ কথা কাত উল্লেখ আছে। কিন্তু এই আইনত মুছলমান সম্প্ৰদায়ৰ কথা উল্লেখ কৰা হোৱা নাই। অৰ্থাৎ উক্ত ছটা সম্প্ৰদায়ৰ বাহিৰে পাকিস্তান, বাংলাদেশ, আফগানিস্তান বা আন কোনো সম্প্ৰদায়ৰ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়া নহ’ব।
পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ শৰণাৰ্থীসকলে কাৰ পৰা কেনেদৰে লাভৱান হ’ব?
এই আইন অনুসৰি ভিছা বা পাছপ’ৰ্টৰ দৰে নথি-পত্ৰ অবিহনেও ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰি।১৯৫৫ চনৰ নাগৰিকত্ব আইনত উল্লেখ আছিল যে নাগৰিকত্ব লাভ কৰিবলৈ ভাৰতত এবছৰ অবিৰতভাৱে থাকিব লাগিব। ইয়াৰ বাহিৰেও বিগত ১৪ বছৰৰ ভিতৰত ১১ বছৰ ভাৰতত থকাটো বাধ্যতামূলক। কিন্তু সংশোধনী আইনখনত ১১ বছৰৰ সময়সীমা পাঁচ বছৰলৈ হ্ৰাস কৰা হৈছে।
২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত মোডী চৰকাৰে ভাৰতৰ নাগৰিকত্ব আইন সংশোধন কৰাৰ কথা ঘোষণা কৰে। একেদৰে কেন্দ্ৰীয় চৰকাৰে সংশোধনী বিধেয়কখন আনে। এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাই গৃহীত কৰে। ২০১৯ চনৰ ১২ ডিচেম্বৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী আইনত স্বাক্ষৰ কৰে। কিন্তু কেন্দ্ৰৰ এই আইন মানি ল’বলৈ অনিচ্ছুক বিৰোধী দল। কেন্দ্ৰীয় চৰকাৰে কা ৰূপায়ণক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক অব্যাহত ৰাখিছে। আনহাতে, দেশৰ বিভিন্ন প্ৰান্তত কা বিৰোধী আন্দোলন আৰম্ভ হৈছিল কৰোনাৰ আগতেই। বিজেপি বিৰোধী দলৰ নেতৃত্বত এই আন্দোলন হয়।
বিৰোধীয়ে কিয় কাৰ বিৰোধিতা কৰে?

কাৰ প্ৰতি আপত্তি মূলত উত্তৰ-পূব ভাৰতৰ পৰাই উদ্ভৱ হৈছিল। বহুতে আশংকা কৰিছে যে কা কাৰ্যকৰী হ’লে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহলৈ শৰণাৰ্থীৰ ব্যাপক আগমন ঘটিব। ফলত ভাষিক আৰু সাংস্কৃতিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহু লোকে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে কা বিৰোধী আন্দোলনত যোগদান কৰে। তদুপৰি মুছলমানক আইনৰ পৰা বাদ দিয়াক লৈ প্ৰতিবাদৰ ধুমুহা সৃষ্টি হয়। কেৱল সেয়াই নহয়, দক্ষিণ ভাৰতত কাৰ বিৰোধিতাৰ মূল কাৰণ, তামিল শৰণাৰ্থীক কিয় বাদ দিয়া হৈছে?
তাৰ লগতে কাৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পিছত আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অসমলৈ অহা সকলোকে নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি আইনখনত উল্লেখ কৰা হৈছিল। অসমৰ থলুৱা ৰাইজে সেই কথাত আপত্তি কৰিছিল। দেশজুৰি কা বিৰোধী প্ৰতিবাদ আৰু সংঘৰ্ষত ৮৩ জন লোকৰ মৃত্যু হয়। দিল্লী, উত্তৰ প্ৰদেশ, অসমৰ দৰে কেইবাখনো ৰাজ্যত সংঘটিত হয় হিংসাত্মক ঘটনা।
অভিযোগ উঠে যেএই আইনখনে ধৰ্মৰ ভিত্তিত ‘বৈষম্য’ৰ সৃষ্টি কৰিছে। নেপাল, শ্ৰীলংকা, ম্যানমাৰৰ দৰে দেশ কিয় বাদ পৰিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল। যদিও মোডী চৰকাৰে বিৰোধীৰ সকলো অভিযোগ অস্বীকাৰ কৰি দাবী কৰিছে যে, এই আইনখনে কোনো ধৰণে ভাৰতৰ কোনো নাগৰিকক প্ৰভাৱিত নকৰে।













