ASSAM TIMES POST
স্পর্টছ ডেস্ক
হেটট্ৰিক প্ৰতিগৰাকী বলাৰৰ বাবেই এক ঈপ্সিত লক্ষ্য৷ টেষ্ট ক্ৰিকেটৰ হেটট্ৰিক মানেই হ’ল ৰাজকীয় অনুভৱ৷ তাতে আকৌ যদি খেলৰ প্ৰথম অ’ভাৰটোতে এগৰাকী বলাৰে হেটট্ৰিক অৰ্জন কৰে ! তাতকৈ জানো আন কিবা বিৰল প্ৰাপ্তি থাকিব পাৰে৷ সেই বিৰল অভিলেখেই এসময়ত গঢ়িছিল ভাৰতীয় বাঁওহতীয়া ছুইংগাৰ ইৰফান পাঠানে, যিটো আজিও অক্ষত৷ টেস্টৰ প্রথম অ’ভাৰতেই হেটট্রিক কৰি ক্রিকেট বিশ্বক চমক দিছিল ইৰফান পাঠানে।
টেষ্ট ক্রিকেটত বহুতেই হেটট্ৰিক কৰিছে৷ পাঠানৰ উপৰি ভাৰতৰ হৰভজন সিং আৰু যশপ্রীত বুমৰাহেও টেষ্টত হেটট্ৰিক কৰিছে৷ কিন্তু, টেষ্ট মেচৰ প্রথম অ’ভাৰতেই হেটট্রিক পাঠানৰ পূৰ্বে কাৰো নাই৷ বাঁওহতীয়া অলৰাউণ্ডাৰগৰাকীৰ সেই অভিলেখ আজিও অক্ষত হৈ আছে৷

পাঠানৰ অৱসৰ গ্রহণৰ খবৰ বিয়পি পৰাৰ লগে লগে ২০০৬ চনৰ সেই পাক ভ্ৰমণৰ দূৰন্ত হেটট্রিকৰ প্রসঙ্গ দাঙি ধৰিছে ৰোহিত শর্মাই। টুইটযোগে ‘হিটমেন’গৰাকীয়ে কয়, “হেপী ৰিটায়াৰমেণ্ট। যথেষ্ট ধৈৰ্য আৰু সাহসেৰে তুমি ক্রিকেট খেলিছা। টেষ্ট মেচৰ প্রথম অ’ভাৰতেই হেটট্রিক কাৰো নাই। জীৱনৰ পৰৱর্তী অধ্যায়ৰ বাবে শুভেচ্ছা থাকিল।”
উল্লেখ্য যে ২০০৬ চনত পাকিস্তান ভ্ৰমণলৈ গৈছিল ভাৰত। কৰাচীত অনুষ্ঠিত টেষ্টত পাঠানৰ ৰামধেনু সদৃশ বক্ৰ ছুইঙৰ মোকাবিলা কৰিব নোৱাৰি ছলমন বাট, ইউনিছ খান আৰু মহম্মদ ইউসুচ পেভিলিয়নমুখী হ’বলগা হয়৷ পাঠানৰ সেই হেটট্রিক আজিও পাহৰিব পৰা নাই ক্রিকেট বিশ্বই।













