ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
যুৱৰাজ সিঙৰ সোই পুৰণা স্মৃতি যেন ম্লান কৰি দিলে লিঅ’ কার্টাৰে। এইবাৰ নিউজীলেণ্ডৰ ছুপাৰ স্মেছ টি-২০ লীগৰ খেলত ছয়টা বলত ছয়টা ছয় কোবালে এই বাঁওহতীয়া কিৱি বেটছমেনজনে।
দেওবাৰে মেচ আছিল কেণ্টাৰৱাৰি কিংছ আৰু নৰ্ডাৰ্ণ নাইটছৰ মাজত। প্রথমে বেট ধৰি ২০ অভাৰত নাইটছে কৰে ২১৯ ৰান। এই ৰানৰ পিচা কৰিবলৈ কেণ্টাৰৱাৰি কিংছৰ বেটছমেন লিঅ কার্টাৰে হাতত বেট লৈ ক্ৰিজত নামে। মেচৰ শেষৰ পাঁচ অভাৰত ৩০টা বলত ৬৪ ৰানৰ প্ৰয়োজন আছিল কেণ্টাৰৱাৰিৰ।
এণ্টন ডেভচিচৰ অভাৰত কার্টাৰে ছয়টা বলত ছয়টা ছয় কোবায়। তেওঁৰ এনেধৰণৰ প্ৰহাৰৰ বাবেই হাতৰ পৰা গুচি যাবলৈ উপক্ৰম হোৱা মোচ সাতটা বল বাকী থাকোঁতেই জিকিবলৈ সক্ষম হয় কেণ্টানৱাৰি। কার্টাৰে ২৯ বলত অপৰাজিত ৭০ ৰান কৰে। বাঁওহতীয়া কার্টাৰে এটা অভাৰত ছয়টা ছিক্স কোবোৱা দেখি ক্রিকেটপ্রেমীসকল নষ্টালজিক হৈ পৰে। তেওঁলৈকৰ স্মৃতিত উদ্ভাসিত হৈ পৰে যুবি।













