
দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে। আবকাৰী দুর্নীতি গোচৰত সোধাপোছাৰ বাবে তেওঁক ৯ বাৰ তলব কৰিছিল কেন্দ্রীয় তদন্তকারী সংস্থাটোৱে। কিন্তু তেওঁ উপস্থিত হোৱা নাছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে সন্ধ্যা ৭ বজাত তেওঁৰ ঘৰত উপস্থিত হয় ইডি। দুঘণ্টা তালাচী অভিযানৰ শেষত বাজেয়াপ্ত কৰা হয় তেওঁৰ মোবাইল ফোন।

ইয়াৰ পিছতেই নিশা ৯ বজাত কেজৰিৱালক গগ্ৰেপ্তাৰ কৰা হয়। ইফালে মুখ্যমন্ত্রীৰ বাসভবনৰ আশপাশৰ অঞ্চলত ১১৪ ধাৰা জাৰি কৰা হৈছে। শুকুৰবাৰে পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব আপ প্রধানক। দিল্লীৰ মন্ত্রী তথা আপ নেত্রী অতিশীয়ে জনোৱা মতে, কেজৰিৱালেই দিল্লীৰ মুখ্যমন্ত্রী হৈ থাকিব। তেওঁ জে’লত বহিয়ে চৰকাৰ চলাব।










