ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
আজি গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে আজি পুৱাৰে পৰা বতৰ ডাৱৰীয়া হৈ থকাৰ লগে কিনকিনীয়া বৰষুণৰ বাবে মেচখন বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে৷
দল দুটা হ’লঃ
ভাৰত : শিখৰ ধৱন, বিৰাট কোহলী (অঃ), শ্ৰেয়াছ আয়াৰ, ঋষভ পণ্ট (উঃ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, ছাৰ্দুল ঠাকুৰ, নৱদ্বীপ সৈনী, যশপ্ৰীত বুমৰাহ৷
শ্ৰীলংকা : ধনুস্কা গুণাথিলাকা, অভিস্কা ফাৰ্ণাণ্ডো, কুশল পেৰাৰা (উঃ), ওছাডা ফাৰ্ণাণ্ডো, ভানুকা ৰাজাপাস্কা, ধনঞ্জয় ডি ছিলভা, ডাছুন ছানাকা, ইছুৰু উডানা, ৱানিন্ডু হাছাৰাংগা, লাহিৰু কুমাৰা, লাচিত মালিংগা (অঃ)৷













