ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Rongali Bihu celebration I ৰঙালী ব’হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
April 13, 2024
Reading Time: 1 min read
A A
0
Rongali Bihu celebration I ৰঙালী ব’হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

বাউলি ফাগুনৰ বোকোচাত উঠি অহা পছোৱাই আঁজুৰি নাঙঠ কৰে চ’তৰ শৰীৰ । চ’তৰ শেষত নঙঠা গছ-বিৰিখত কুঁহিপাত মেলে । যেন যৌৱনৰ মৌবনত তেজী ঘোঁৰা চেঁকুৰোৱাৰ সময় সমাগত । নৱযৌৱনা, সদ্য পুষ্পিতা কিশোৰীৰ দৰে সেউজ সপোনৰ উন্মেষ ঘটে প্ৰকৃতিৰ লাৱণী শৰীৰত । তাৰেই আলিংগনত হৃদয়ৰ গীত জোৰে কুলী-কেতেকীয়ে । কপৌ-তগৰ-যূতিমালিকাই সুবাসিত কৰে ধৰা । এক নতুন আশা, নতুনৰ প্ৰত্যাশা । যৌৱনৰ উতলা বা জীৱনৰ অৰ্থলৈ পৰিৱৰ্তন কৰাৰ এয়াই যে সময় । হয় এয়াই ব’হাগ । এনেদৰেই ইহাত সিহাত ধৰি জীৱনৰ হাত ধৰেহি ব’হাগে ।

ৰঙালী ব'হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ
ৰঙালী ব’হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ

ব’হাগ আহিছে, আহিবই ব’হাগ । কাৰণ ৰঙালী ব’হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ । বৰ্তমান আৰু ভৱিষ্যতৰ গান । ব’হাগক যিমান উপমাৰেই বিশ্লেষণ কৰিব নোখোজক কিয়, সদায়ে শব্দৰ অনাটনে হয় । কাৰণ ব’হাগ কোনো এটা নিৰ্দিষ্ট শব্দ নহয়, ব’হাগ নিজেই এক শব্দ গুচ্ছ । সেয়েহে ব’হাগৰ তুলনা কৰিবলৈ গৈ কবি-সাহিত্যিকেও থমকি ৰ’বলগা হয় । গীতিকাৰ-সুৰকাৰ উটি-ভাহি যায় । এটা ঋতুৰ দৃষ্টিৰে ব’হাগ এক গুৰুত্বপূৰ্ণ, বৈশিষ্ট্যপূৰ্ণ আৰু সবাতোকৈ সতেজ ঋতু ।

rongali bihu festival 4723754e 20c8 11e7 a5a9 704c 1681135108981 1681135109292 1681135109292 | ASSAM TIMES POSTকিন্তু অসম তথা অসমীয়াৰ বাবে কেৱল এটা ঋতুতে সীমাবদ্ধ হৈ থকা নাই ব’হাগ । অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি- সকলো দিশতে অনবদ্য অৱদান ব’হাগৰ । কেৱল সিমানেই নে ব’হাগৰ মাদকতা ? জাতি-জনজাতি, ভাষা-সম্প্ৰদায়, ধৰ্ম-বৰ্ণ এই সকলোতে আছে ব’হাগৰ সাঁচ । সেয়া ভিন্ন ৰঙৰ হ’লেও যেন একেখন চাদৰতে বুটাবচা ৰঙৰ সমাহাৰ । সেয়ে হয়তো ভূপেনদাই ঠিকেই কৈ গৈছে, “ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ সাহ ।”

আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহু । অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে এই ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু । চহা কৃষকে কৃষিকাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে ।

আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰ বৰ্ষৰ প্ৰথমটো মাহ । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে । বৰ্ষা ঋতুৰ আগমনৰ বতৰা দিয়ে । সৃষ্টি আৰু কৃষ্টিৰ সুবাসত মতলীয়া এই ব’হাগ । প্ৰেমৰ বতৰ ব’হাগ আৰু অংকুৰিত বীজৰ সপোনৰ বতৰা এই ব’হাগ ।

হয় অসমীয়া জাতীয় জীৱনৰ এক অন্যতম লোককৃষ্টি ব’হাগ বিহু বা ৰঙালী বিহু । চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হোৱা ব’হাগৰ সাত বিহুৰ আছে প্ৰতিটো দিনৰে বিশেষ বিশেষ তাৎপৰ্য তথা পৰম্পৰা । লগতে আছে প্ৰতিটো দিনৰে গুৰুত্ব । পৰম্পৰাগতভাৱে পালন কৰা এই সাতবিহুৰ কিন্তু বিশেষ কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয় । কিন্তু সময়ৰ সোঁতত ৰঙালী বিহুৰো পৰম্পৰা বহুখিনি সলনি হৈ আহিছে ।

ৰঙালী বিহুৰ আন এক মুখ্য বৈশিষ্ট্য হৈছে হুঁচৰি আৰু বিহুনাচ । অৱশ্যে আৰম্ভণিৰ পথাৰৰ আঁহতৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত উঠিছে । সময়ৰ লগে লগে বিৱৰ্তন অৱধাৰিত যদিও সোময়ৰ সোঁতত যাতে আমাৰ স্বকীয় পৰম্পৰা একেবাৰে বিলুপ্ত হৈ নাযায় তাৰবাবেও আমি সচেতন হ’ব লাগিব । আন এক কথা হৈছে, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এই ৰঙালী বিহু পালনৰ পৰম্পৰা ভিন্ন । ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া ।

কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত । সেয়ে আজিও আমাৰ একেটাই আহ্বান- ব’হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনিডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্ম-বৰ্ণৰ লোকে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব ।

Tags: ৰঙালী ব'হাগতেই যে আছে চহা জীৱনৰ প্ৰাণ
Share4Tweet3Send

Related Posts

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
ADVERTISEMENT
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

July 9, 2026
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx