
পঞ্জাৱৰ বিচ্ছিন্নতাবাদী খালিস্তানী নেতা অমৃতপাল সিঙে (Amritlal Singh) l এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই দাবী তেওঁৰ অধিবক্তা ৰাজদেৱ সিং খালছাৰ। অৱশ্যে অমৃতপালৰ পিতৃ তৰ্চেম সিঙে এই বিষয়ত কোনো মন্তব্য দিব বিচৰা নাই। বৃহস্পতিবাৰে কাৰাগাৰত থকা পুত্ৰক লগ পোৱাৰ পিছতহে এই বিষয়ত মন্তব্য দিব বুলি তেওঁ কয়। কিন্তু ইয়াৰ পূৰ্বে অমৃতপালে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছিল বুলি পিতৃয়ে দাবী কৰে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃতপাল বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। বুধবাৰে তেওঁ অধিবক্তাৰ সৈতে কথা পাতে। অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে তেওঁ অমৃতপালক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনুৰোধ কৰিছে।
অধিবক্তাগৰাকীয়ে লগতে দাবী কৰে যে অমৃতপালে পঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। অমৃতপালৰ অধিবক্তাগৰাকীয়ে কয়, “আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভাই চাহাবক (অমৃতপাল) লগ পাইছিলো। মই তেওঁক কওঁ যে খালছা পন্থৰ স্বাৰ্থত আপুনি নিৰ্বাচনত জয়ী হৈ লোকসভালৈ যাওক। ভাই চাহাবে মোৰ অনুৰোধ আগ্ৰহেৰে গ্ৰহণ কৰিলে। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।”
উল্লেখযোগ্য যে পঞ্জাৱৰ বিচ্ছিন্নতাবাদী খালিস্তানী নেতা অমৃতপালে যোৱা বছৰৰ ১৮ মাৰ্চৰ পৰা সন্ধানহীন আছিল। ‘ৱাৰীশ পঞ্জাৱ দে’ সংগঠনৰ নেতা অমৃতপালে সেইদিনা সঙ্গীসকলৰ সৈতে অমৃতসৰৰ সমীপৰ অঞ্জলা থানাৰ লকআপত আক্ৰমণ চলায়। তেওঁ শ শ অনুগামীৰ সৈতে ঘোঁৰাত উঠি তাৰ পৰাই নিজৰ সংগীসকলক উদ্ধাৰ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ বহুদিন আৰক্ষীৰ পৰা আত্মগোপন কৰি আছিল। অৱশেষত যোৱা বছৰৰ ২৩ এপ্ৰিলত পঞ্জাৱৰ মোগাৰ পৰা অমৃতপালক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত অমৃতপালক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।










