ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীত ছাত্ৰ সমাজৰ জেএনইউ ঘটনাৰ প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
January 7, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটীত ছাত্ৰ সমাজৰ জেএনইউ ঘটনাৰ প্ৰতিবাদ

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদক

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে সন্ধিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা অধ্যাপকৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷সমগ্ৰ দেশৰ জনতাই ছাত্ৰ সমাজৰ ওপৰত চলা দুৰ্বৃত্তৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে।

সোমবাৰে গুৱাহাটীৰ  ছাত্ৰ সমাজেও জেএনইউ কাণ্ডৰ উচিত তদন্তৰ দাবী তুলি ঘটনাৰে জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীৰে মহানগৰীৰ নেহৰু পার্কৰ সন্মুখত গ্ৰহণ কৰে ‘ধিক্কাৰ’ শীর্ষক প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ ছাত্ৰ সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জেএনইউৰ প্ৰাক্তন ছাত্ৰ ভূপেন শৰ্মাই সমগ্ৰ ঘটনাক ধিক্কাৰ জনায় কয়, “জেএনইউৰ শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদী সত্তা আৰু চিন্তা পৰিকল্পিতভাৱে হত্যা কৰিবলৈ বিচৰা হৈছে। যি ছাত্ৰ সমাজে কেতিয়াও হ’বলৈ নিদিয়ে। মোৰ বিশ্বাস ছাত্ৰ সমাজৰ ওপৰত হোৱা এই ফেচিষ্ট আক্ৰমণ ছাত্ৰ সমাজে নিজে শেষ কৰিব৷”

39399cf6 4062 4869 b072 fb9750668b7d | ASSAM TIMES POST

প্ৰতিবাদত উপস্থিত থাকি চিপিআই(এম)ৰ নেতা হেমেন দাসে ফেচিষ্ট শাসন নিঃশেষ কৰাৰ বাবে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি কয়, “এনে ঘটনাৰ এয়াই যে শেষ তেনে নহয়। পুনৰাবৃত্তি হ’ব বিভিন্ন ঠাইত। সংগঠিত গুণ্ডাবাহিনীৰ দ্বাৰা সংঘটিত কৰা ই এটা ডাঙৰ ঘটনা৷”

জেএনইউৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান আইআইটিৰ গৱেষক ছাত্ৰী প্ৰাৰ্থনা শইকীয়াই কয়, “ঘটনাৰ আঁৰত পিছফালে থকা ৰাজনৈতিক অভিসন্ধিৰ কথা জানিব লাগিব। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী অধিক সচেতন হোৱাৰ সময় সমাগত৷”

প্ৰতিবাদত শিল্পী লোকনাথ গোস্বামীয়ে কয়, “প্ৰতিবাদৰ প্ৰতীক হৈছে জেএনইউ। ফেচিষ্ট আৰএছএছ-বিজেপিৰ বিৰুদ্ধে যুক্তিৰে যুঁজ দিব লাগিব৷”

আনহাতে, সমগ্ৰ ঘটনাৰে কোন জড়িত সেই কথা বৰ্তমান সময়লৈকে নিশ্চিত হোৱা নাই যদিও একাংশই সন্দেহ কৰিছে সমগ্ৰ ঘটনাৰ লগত বিজেপি-আৰএছএছ জড়িত । সেই কথাৰ আঁত ধৰি প্ৰতিবাদী ছাত্ৰ সমাজৰ দাবী, আৰএছএছক নিষিদ্ধ সংগঠন ঘোষণা কৰিব লাগে।

উল্লেখ্য যে নেহৰু পার্কৰ সন্মুখৰ পৰা ছাত্ৰ সমাজে গুৱাহাটী ক্লাবলৈকে এক সমদলো উলিয়ায়৷

ছাত্ৰ সমাজৰ হৈ কাৰ্যসূচীত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, এছএফআইৰ সাধাৰণ সম্পাদক নিৰঙ্কুশ নাথ, সভাপতি কাশ্যপ চৌধুৰী, সমাজকর্মী মীৰা বৰঠাকুৰ, অৰ্থনীতিবিদ জয়দীপ বৰুৱা।

একেদৰে উপস্থিত থাকে কেৰালাৰ ৰাজ্যসভাৰ চিপিআই সাংসদ বিনয় বিশ্বৰম।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx