ASSAM TIMES POST
নিউজ ডেস্ক
সুদীর্ঘ ৭ বছৰ পিছত নির্ভয়া-কাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ পৰোৱানা জাৰি কৰিলে দিল্লীৰ পাতিয়ালা হাউছ কোৰ্টে। অহা ২২ জানুৱাৰীৰ পুৱা ৭ বজাত চাজন দোষী ক্ৰমে পৱন গুপ্তা, মুকেশ সিং, বিনয় শর্মা আৰু অক্ষয় ঠাকুৰ সিঙক ফাঁচিকাঠত ওলমেৱাৰ নির্দেশ দিলে আদালতে।
উল্লেখ্য যে যিমান দ্রুতভাৱে সম্ভব দোষীৰ ফাঁচি কার্যকৰী কৰিবলৈ পাতিয়ালা হাউছ কোর্টত আর্জি জনাইছিল নির্ভয়াৰ পৰিয়ালে। সিহঁতৰ বিৰুদ্ধে মৃত্যু পৰোৱানা জাৰিৰ আর্জি জনাইছিল নির্ভয়াৰ পিতৃ-মাতৃয়ে। বিগত ১৮ ডিচেম্বৰত সেই আবদনৰ শুনানি আৰম্ভ হৈছিল আৰু ৭ জানুৱাৰী পর্যন্ত ৰায় স্থগিত ৰাখিছিল অতিৰিক্ত দায়িত্বপ্ৰাপ্ত ন্যায়াধীশ সতীশ অৰোৰাই।
সেই সময়ত আদালতৰ ভিতৰতেই শোকত ভাগি পৰিছিল নির্ভয়াৰ মাতৃ আশাদেৱী। কান্দি কান্দি বিচাৰকক প্রশ্ন কৰিছিল, ‘‘য’তেই গৈছোঁ অপৰাধীকেইজনৰ অধিকাৰৰ কথা শুনোৱা হৈছে আমাক। আমাৰ অধিকাৰৰ কি হ’ব?’’ আইনৰ ওচৰত তেওঁৰ হাত বন্ধা বুলি সেই সময়ত তেওঁক সান্ত্বনা দিছিল বিচাৰকে।
তাৰ পিছত আজি পুৱাৰে পৰা দুপৰীয়ালৈ আদালতত বিষয়টোক লৈ শুনানি আৰম্ভ হয়। তিহাৰ জে’লৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিচাৰকৰ সৈতে বাৰ্তালাপ কৰে চাৰিও দোষীয়ে। সিহঁতৰ বক্তব্য শুনাৰ পিছত বিয়লি ৫ বজাত ৰায়দান দিয়ে।
প্ৰণিঝানযোগ্য যে ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা দিল্লীত চলন্ত বাচৰ ভিতৰত ২৩ বছৰীয়া তৰুণী নির্ভয়াক গণধর্ষণ কৰিছিল এই চাৰি পাষণ্ডই। নির্ভয়া আৰু তেওঁৰ বন্ধু অবীন্দ্র প্রতাপৰ ওপৰত চলায় নৃশংস অত্যাচাৰ। উক্ত গোচৰত পূৰ্বতেই এই চাৰিজনক ফাঁচিৰ শাস্তি বিহিছিল ছুপ্রিম কোৰ্টে। ২০১৭ চনত সেই ৰায় পুনর্বিবেচনা কৰিবলৈ আদালতত আর্জি জনাইছিল অক্ষয়ে। যোৱা মাহতেই সেই আবেদন খাৰিজ হয়।













