ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো?

ASSAM TIMES POST by ASSAM TIMES POST
January 7, 2020
Reading Time: 1 min read
A A
0
বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো?

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

# ডাঃ ভূপেন শইকীয়া #

আমাৰ চৌপাশে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু ? মোৰ বিশ্বাস, আজিৰ এই চমু লেখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেছি আপোন যেন লাগিব ৷

মহানিমৰ আন আন নাম হ’ল- ইংৰাজীত Indian Lilac আৰু margosa৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু, গুজৰাটীত ধনুজহাদা, মালায়ালমত আৰ্য়াভেপু ,পাঞ্জাবীত নিমহ্, তেলেগুত ভেপা বোলে৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l’Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে৷ সংস্কৃত নামকৰণৰ ভাবাৰ্থ হ’ল- অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক৷

নিম বা মহানিমৰ বোটানিকেল নাম হ’ল Azadirachta indica৷

neem tr | ASSAM TIMES POST

মহানিমৰ বৰ্ণনা পৌৰাণিক ‘শ্ৰুসুতসংহিতা’ আৰু ‘চৰকসংহিতা’ গ্ৰন্থত পোৱা যায়৷ মহানিমৰ প্ৰধান ওপজা স্থান হ’ল ভাৰতভূমি- সেয়ে হেজাৰ বছৰ আগৰ পৰা এই মহানিম গছক ভাৰতীয়সকলে জনজীৱনত নানাধৰণে প্ৰয়োগ কৰি আহিছে৷ আয়ুৰ্বেদৰ উৎপত্তিস্থলো হ’ল ভাৰতবৰ্ষ৷ আয়ুৰ্বেদত মহানিমৰ নানান প্ৰয়োগৰ বিতং বিৱৰণ উপলব্ধ৷ আমাৰ দেশৰ পিছতে মহানিমৰ গছ সৰহকৈ পোৱা দেশসমূহ হ’ল- ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড,কম্বোডিয়া, লাওচ, নেপাল, বাংলাদেশ, পাকিস্তান, ইৰাণ আৰু শ্ৰীলংকা৷

অষ্ট্ৰেলিয়া মহাদেশলৈ ১৯৪০চনত পোন প্ৰথমবাৰৰ বাবে মহানিম গছৰ ৰপ্তানি হয়৷ ১৯৬০চনৰ পৰা ১৯৮০ চনলৈ অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত মহানিম গছৰ বৃক্ষৰোপণ চলি থাকে৷ বৰ্তমান বিশ্বৰ প্ৰায় সকলো অঞ্চলতেই কম-বেছি পৰিমাণে মহানিমৰ উপস্থিতি দেখা যায়৷ এই চিৰসেউজ গছৰ বিশেষত্ব হ’ল যে ই কম পানীতো জীয়াই থাকিব পাৰে৷ সেয়ে ইয়াক মৰুভূমি ৰোধকৰণৰ বাবে ব্যৱহাৰ কৰা হয়৷ মধ্যপ্ৰাচ্যৰ মৰুময় দেশ সংযুক্ত আৰব আমীৰেট আৰু কাটাৰ দেশলৈ ভাৰতবৰ্ষৰ পৰা হেজাৰ হেজাৰ মহানিমৰ পুলি প্ৰতিবছৰে ৰপ্তানি হৈ আহিছে৷

মহানিম গছৰ উচ্চতা ৬০ ফুটৰ পৰা ১২০ ফুট বা ততোধিক হব পাৰে৷ ই এবিধ ক্ষিপ্ৰভাৱে ঠাল -ঠেঙুলি মেলি বহল-ডাঙৰ হোৱা স্বভাৱৰ গছ৷ ফলত গছে ভাল ছাঁ দিয়ে৷ এই গছৰ বা স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি অতীজৰ পৰা ভাৰতবাসীসকলে ভাবি আহিছে৷ ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু ইয়াত মাৰ্বলতকৈ সৰু আকৃতিৰ, দেখিবলৈ জলফাই আকৃতিৰ ফল লাগে৷ ইয়াৰ মিহি মিহি পাতবোৰৰ স্বাদত খাবলৈ তিতা৷ মহানিম গছৰ কিছু সাদৃশ্য ঘোঁৰানিম গছৰ সৈতে দেখা যায়৷

Neem | ASSAM TIMES POST

মহানিম আৰু ঘোঁৰানিম দুবিধ বেলেগ গছ৷ দুয়োবিধ গছক পাঠকে সুকীয়াকৈ চিনাক্ত কৰাটো লাগতিয়াল কথা৷ কিয়নো ঘোঁৰানিম এবিধ বিষাক্ত গছ৷ ইয়াৰ পাত বা গুটি মানুহে ভক্ষণ কৰিলে শৰীৰৰ অনেক ক্ষতিসাধন হ’ব পাৰে৷ বমি, ডায়েৰিয়া, তেজ হাগনি, মূৰৰ বিষ, অৱশতা, পেৰলাইচিচ, স্নায়বিক দুৰ্বলতা আদি হ’ব পাৰে৷ কিয়নো ইয়াৰ ৰস হ’ল- Neurotoxic৷

কেনেকৈ গছ দুবিধ চিনিব?

মহানিমৰ পাতৰ ৰঙ উজ্বল সেউজীয়া৷ ঘোঁৰানিম গছৰ পাতৰ ৰঙ পাতল সেউজীয়া৷ ঘোঁৰানিম গছৰ পাতৰ ৰঙ মহানিমৰ পাতৰ ৰঙতকৈ যথেষ্ট পাতল৷ মহানিমৰ পাত চুবলৈ মিহি৷ ঘোঁৰানিমৰ পাত মিহি নহয়৷ আনহাতে, ডাল বিন্যাস দুয়োবিধ গছৰ বেলেগ বেলেগ৷

এতিয়া ঘোঁৰানিমৰ বিষয়ে দুআষাৰ কৈ লওঁ৷

বঙালীসকলেও এই গছক ঘোঁৰানিম নামেৰেই মাতে৷ ঘোঁৰানিমৰ আন পৰিচিত নামসমূহ হ’ল- Persian lilac, Chinaberry, Ceylon cedar, White cedar আদি৷

মূলত: এই গছৰ প্ৰধান বসতিস্থল হ’ল  ভাৰত, চীন আৰু অষ্ট্ৰেলিয়া৷ চৰায়ে ঘোঁৰানিমৰ গুটি খাই সিঁচৰতি কৰি দিয়াৰ ফলত এই গছ হাবিয়ে-বননিয়ে নিজে নিজে হয়৷ চৰাইৰ বাবে ই বিষাক্ত নহয়৷

উপযোগিতা : পাইন কাঠৰ দৰেই এই গছৰ কাঠৰ ভাল ফাৰ্নিচাৰ বনাব পাৰি৷ কাঠৰ ৰঙ হ’ল মুগা বা ৰঙচুৱা৷ ইয়াৰ উপৰি কীটনাশক হিচাপেও ঘোঁৰানিম ব্যৱহৃত হয়৷

neem 1 | ASSAM TIMES POST

খাদ্য হিচাপে মহানিম :

মহানিমৰ পাত নিমখ আৰু তেল দি শুকানকৈ পাপৰৰ নিচিনাকৈ ভাজক৷ ভাতৰ লগত খাই জুতি পাব৷ সপ্তাহত দুদিন বা তিনিদিন এইদৰে খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী৷

বঙালীসকলে নিমপাত বেঙেনাৰ সৈতে ভাজি খায়৷ ই হ’ল ৰুচিবৰ্ধক খাদ্য৷

আগৰ বাৰ্মা বা এতিয়াৰ ম্যানমাৰত মহানিমৰ ফুল আৰু কুমলীয়া গুটি তেতেলিৰ সৈতে সিদ্ধ কৰি খায়৷ বিলাহী আৰু মাছৰ সৈতেও নিমৰ কুমলীয়া পাতৰ আঞ্জা খায়৷

অন্ধ্ৰ, তামিলনাডু, কৰ্ণাটকত মহানিমৰ ফুল আৰু ৰঙচুৱা চেনিৰে এবিধ জলপান নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত বনোৱাৰ পৰম্পৰা এটা সময়ত আছিল যাক ‘উগাডি’ বোলা হয়৷ উগাডি খোৱাৰ দ্বাৰা পৰিয়ালটো আগন্তুক বৰ্ষত জীৱনৰ তিতা-মিঠাৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্ৰস্তুত হয়৷

মহানিমত ৰাসায়নিকভাৱে কি কি তত্ত্ব থাকে?

মূল তত্ত্ববিধৰ নাম হ’ল- এযোডায়ৰাচিটিন (Azadirachtin)৷ অন্যান্য পদাৰ্থবিলাকৰ নাম হ’ল- নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম, চেলাননিন, ক্ৱেৰচেটিন, কেইবিধমান ফেটি এচিড আদি৷

এই তত্ত্বসমূহ থকাৰ ফলত মহানিমৰ গুণসমূহ হ’ল : মানৱ দেহত প্ৰয়োগ- ভেঁকুৰ, ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক৷

কীট-পতংগ বিনাশক, সাৰ হিচাপে উপযোগী, খৰি হিচাপে জুয়ে মহ-ডাঁহ খেদাত সহায়ক৷

nem 2 | ASSAM TIMES POST

কি কি ধৰণে মহানিম আমাৰ জীৱনত ব্যৱহৃত হয়?

সৰুৰে পৰা দেখি আহিছোঁ কাৰোবাৰ ঘৰত বসন্তজাতীয় অসুখ (Chicken pox, Measles ) হ’লে নিমপাত উতলোৱা পানীৰে গা ধুবলৈ দিয়ে৷ স্কেবিজ- খজুৱতি,খৰ, চ’ৰিয়াচিচ আদিতো নিমপাত সিজোৱা পানীৰে গা-ধোৱা উপযোগী৷ বায়ু শুদ্ধ কৰিবলৈ বুলি প্ৰতি কোঠালিত মহানিমৰ ডাল-পাত ওলমাই দিয়ে৷ গাঁৱৰ ঘৰত শুকান নিমপাত কাপোৰ, কিতাপ আৰু ভঁৰালৰ শস্য পোকে নাখাবলৈ ব্যৱহাৰ কৰা হয়৷ বহু ঠাইত আজিকালিও মহানিম গছৰ ডালৰ দাতুনৰ ব্যৱহাৰ প্ৰচলিত৷

আধুনিক যুগত মহানিমৰ প্ৰয়োগ :

গছজোপাৰ ডাল-পাত-ফুল-গুটি-গছ- বাকলি-শিপা প্ৰতিটো অংশই মানুহে নানাধৰণে ব্যৱহাৰ কৰে৷ নিমতেল ঘাইকৈ গুটিৰ পৰা উলিওৱা হয়৷ মহানিমৰ টুথপেষ্ট, চাবোন, শ্বেম্পু, চুলিৰ তেল, ছালত -ঘঁহা ক্ৰিম, এন্টিডায়েবেটিক কেপচুল, বডিলোচন আদি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ সংগী৷ গ্ৰামীণ লোকসকলে নিমৰ তেল কাঠৰ গাড়ীৰ চকাত ঢালে৷ নিমৰ পৰা অৰ্গেনিক কীটনাশক প্ৰস্তুত কৰা হয়৷

মোখনিত ইমানেই ক’ম যে এখন চমু ৰচনাৰে মহানিমৰ উপকাৰিতা লিখি বা কৈ শেষ কৰিব নোৱাৰি৷ পাঠকসকলৰ যাৰ ঘৰৰ চৌহদত অলপ হ’লেও মুকলি ঠাই আছে, তাত আন নহ’লেও এজোপা মহানিমৰ বৃক্ষ ৰোপণ কৰক৷

লেখৰ ঠিকনা : ডোহা, কাটাৰ, ই মেইল : drbksaikia@gmail.com

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx