ASSAM TIMES POST
নিউজ ডেস্ক
১৬ ডিচেম্বৰ ২০১২ – এটা ক’লা দিন হৈ থাকিব ভাৰতৰ ইতিহাসত। উক্ত দিনা নিশা দক্ষিণ দিল্লীৰ মুনিৰকাত এগৰাকী তৰুণীৰ ওপৰত চলা নির্যাতনৰ বীভৎসতাই স্তম্ভিত, লজ্জিত, ক্রুদ্ধ কৰিছিল সমগ্ৰ দেশক। ৰাষ্ট্ৰীয় ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য অনুয়ায়ী, উক্ত বৰ্ষত কেৱল দিল্লীতেই ৭০৬টা ধর্ষণৰ অভিযোগ জমা হৈছিল। তাৰ পিছত পাৰ হ’ল সাতটা বছৰ। উক্ত নিশাৰ দোষী ফাঁচিকাঠত উঠিব। সাত বছৰ ধৰি চলা ন্যায় যুদ্ধৰ পিছত এটা বৃত্ত সম্পূর্ণ হ’ল।
দিনটো আছিল একটা দেওবাৰ। এগৰাকী বন্ধুৰ সৈতে চিনেমা চাবলৈ গৈ ঘূৰি আহিছিল ২৩ বছৰ বয়সীয়া পেৰামেডিকেলৰ ছাত্রী। নিশা ৯.৩০ বজাত দক্ষিণ দিল্লীৰ মুনিৰকাৰ পৰা বাচ ধৰিছিল তেওঁলোক দুয়ো৷ পৰৱর্তী এক ঘণ্টাত সলনি হৈ যায় তেওঁলোকৰ জীৱন। বাচৰ ভিতৰত তৰুণীক গণধর্ষণ, অকথ্য অত্যাচাৰ। উক্ত দুষ্কৃতিত জড়িত আছিল বাচচালক সহ ছয়জন লোক। যাৰ ভিতৰত এজন নাবালক।
নিশা ১১ট, দুয়োকে ক্ষত-বিক্ষত অবস্থাত উদ্ধাৰ কৰা হয় পথৰ কাষৰ পৰা। পিন্ধা কাপোৰ ফটা-চিৰা, ৰক্তাক্ত দুটা শৰীৰ।চফদৰজঙ্গ হাস্পতালত আৰম্ভ হয় চিকিৎসা। সমগ্ৰ দেশত জুইৰ দৰে বিয়পি পৰে এই খবৰ৷ দেশজুৰি আৰম্ভ হয় প্রতিবাদ, বিক্ষোভ। দেশে তৰুণীগৰাকীৰ নাম ৰাখে নির্ভয়া।

২ দিন পিছত
১৮ ডিচেম্বৰ – গ্রেপ্তাৰ ৪ অভিযুক্ত – বাচচালক ৰাম সিং, ভাতৃ মুকেশ সিং, বিনয় শর্মা, পৱন গুপ্তা।
৫ দিন পিছত
২১ ডিচেম্বৰ – দিল্লীৰ আনন্দ বিহাৰ বাচ টার্মিনাছৰ পৰা গ্রেপ্তাৰ নাবালক।
চৰকাৰী পক্ষৰ পৰা ঘোষণা কৰা হ’ল, যিমান সোনকালে সম্ভৱ চার্জশ্বিট দাখিল কৰি দোষীৰ সর্বোচ্চ শাস্তি মৃত্যুদণ্ডৰ আবেদন জনোৱা হ’ব আদালতত।
৬ দিন পিছত
২২ ডিচেম্বৰ – বিহাৰৰ ঔৰাঙ্গাবাদৰ পৰা গ্রেপ্তাৰ আৰু এজন অভিযুক্ত অক্ষয় ঠাকুৰ।
১১ দিন পিছত
২৭ ডিচেম্বৰ – অৱস্থাৰ অৱনতি ঘটাত নির্যাতিতাক লৈ যোৱা হয় ছিঙ্গাপুৰ মাউণ্ট এলিজাবেথ হাস্পতাললৈ।
দেশজুৰি প্রতিবাদ-বিক্ষোভত অপৰাধীৰ দ্রুত শাস্তিৰ দাবী ইমানেই জোৰদাৰ হ’ল যে, বৈঠকত বহিল সংসদৰ গৃহ মন্ত্ৰণালয় বিষয়ক স্থায়ী কমিটি।
বার্মা কমিটিৰ ছুপাৰিশ মানি পাঁচখন ফাষ্ট ট্ৰেক কোর্ট গঠন কৰি সেউজ সঙ্কেত দিল্লী হাইকোর্টৰ।
১৩ দিন পিছত
২৯ ডিচেম্বৰ – জীবন যুদ্ধত জয়ী নহ’ল, ঘূৰাই নাহিল দেশলৈ। ছিঙ্গাপুৰৰ হাস্পতালতেই মৃত্যু ঘটিল নির্যাতিতাৰ। চাবলৈ নাপালে বিচাৰ পর্ব।

২০১৩
নাৰী সুৰক্ষা আৰু সবলীকৰণত নির্ভয়া ফাণ্ড তৈয়াৰ কৰিলে কেন্দ্রীয় চৰকাৰে। চৰকাৰৰ তফৰ পৰা দিয়া হ’ল ১০০০ কোটি টকা।
গৃহীত হ’ল ক্রিমিনেল ল অর্ডিন্যান্স— যাতে ধর্ষণৰ ঘটনাত শাস্তি হিচাপে মৃত্যুদণ্ডৰ কথা কোৱা হয়।
মার্কিন বিদেশ দপ্তৰে সাহসিকতাৰ বাবে নির্ভয়াক মণোত্তৰভাৱে ইণ্টাৰনেচনেল উইমেন অব কাৰেজ এৱাৰ্ড প্ৰদান কৰা হয়।
১৭ দিন পিছত
২ জানুৱাৰী – ছুপ্রিম কোর্টৰ প্রধান ন্যায়াধীশ আলতামাছ কবীৰ ছাকেটৰ আদালতে ধর্ষণ সংক্রান্তীয় প্রথম ফাষ্ট ট্ৰেক কোর্টৰ সূচনা কৰে।
৩ জানুৱাৰী – চার্জশ্বিট দাখিল কৰে আৰক্ষীয়ে৷ ধর্ষণ, হত্যা, অপহৰণ, প্রমাণ বিনষ্ট-সহ একাধিক ধাৰা আৰু নির্ভয়াৰ বন্ধুক হত্যাৰ চেষ্টাৰ অপৰাধত চার্জ গঠন কৰে আদালতে।
১৭ জানুৱাৰী – ফাষ্ট ট্ৰেক কোর্টত বিচাৰ আৰম্ভ পাঁচ অভিযুক্তৰ।
৮৫ দিন পিছত
১১ মার্চ – তিহাৰ জে’লত আত্মহত্যা কৰে অন্যতম অভিযুক্ত ৰাম সিঙে।
চাৰে ৬ মাহ পিছত
৮ জুলাই – শুনানি শেষ। আৰক্ষীৰ ওচৰত অপৰাধৰ কথা স্বীকাৰ কৰিলেও আদালতত গৈ ওলোটা খৰ মাৰে ৪ অভিযুক্তই। তেওঁলোকৰ উকীলে দাবী কৰে, জোৰ কৰি জবানবন্দী লৈছে আৰক্ষীয়ে। কিন্তু নির্ভয়াৰ বন্ধুৰ বক্তব্য, আঙুলিৰ চাপ, ডিএনএ পৰীক্ষাৰ ৰিপোর্টৰ দৰে গুৰুত্বপূর্ণ তথ্য-প্রমাণ, অপৰাধীৰ বিৰুদ্ধে যায়।

চাৰে ৮ মাহ পিছত
৩১ অগষ্ট – গণধর্ষণ আৰু হত্যাৰ ঘটনাত প্রথম দোষী সাব্যস্ত। কিন্তু ঘটনাৰ দিনা তাৰে দুই যুৱকৰ বয়স ১৮ বছৰৰ কম হোৱাত আইনৰ দৃষ্টিত আছিল নাবালক। সেয়ে সমগ্ৰ বিচাৰ প্রক্রিয়া চলে জুভেনাইল জাষ্টিছ বোর্ডত। দোষ প্রমাণিত হোৱাৰ পিছত সর্বোচ্চ তিনি বছৰৰ শাস্তি হিচাপে সিহঁতক পঠোৱা হয় জুভেনাইল হোমলৈ।
প্ৰাপ্ত খবৰ মতে এই নাবালক দুটায়ে সকলোতকৈ বেছি অত্যাচাৰ চলাইছিল তৰুণীগৰাকীৰ ওপৰত৷
৯ মাহ পিছত
১৩ ছেপ্টেম্বৰ – বাকী ৪ অভিযুক্ত দোষী সাব্যস্ত। এই ঘটনাক ‘বিৰলৰ ভিতৰত বিৰলতম’ আখ্যা দি ন্যায়াধীশ যোগেশ খন্নাই চাৰিওকেই মৃত্যুদণ্ডৰ শাস্তি শুনায়৷ অপৰাধীকেইটাৰ উকীলৰ আর্জি খাৰিজ কৰি বিচাৰক খান্নাই কয়, ‘‘ভাৰতবাসীৰ সমবেত বিবেকক আঘাত কৰিছে। সেয়ে আদালত চকু বন্ধ কৰি বহি থাকিব নোৱাৰে।’’
৪ প্রাপ্তবয়স্ক ধর্ষক-হত্যাকাৰীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী হাইকোর্টত শাস্তি কমোৱাৰ আর্জি জনায়।

২০১৪
১৫ মাহ পিছত
১৩ মার্চ – দিল্লী হাইকোর্টৰ ন্যায়াধীশ ৰেৱা ক্ষেত্রপাল আৰু প্রতিভা ৰাণীৰ খম্ড বিচাৰপীঠে বাহাল ৰাখে নিম্ন আদালতৰ ৰায়।
১৫ মার্চ – মৃত্যুদণ্ডত স্থগিতাদেশ ছুপ্রিম কোর্টৰ, ন্যায্য বিচাৰ নহয়৷
২০১৫
২ বছৰ ২ দিন পিছত
১৮ ডিচেম্বৰ – নাবালকৰ মুক্তিত স্থগিতাদেশৰ আবেদন খাৰিজ, ৰেহাই পালে নাবালকে। চিলাই মেচিন কিনি নতুন ভবিষ্যৎ গঢ়াৰ বাবে দিয়া হ’ল ১০ হাজাৰ টকা।
২২ ডিচেম্বৰ – ৰাজ্যসভাত গৃহীত হয় জুভেনাইল জাষ্টিছ বিধেয়ক – কোৱা হয়, ধর্ষণৰ দৰে অপৰাধৰ ক্ষেত্রত ১৬ বছৰৰ ওপৰ বয়স হ’লে প্রাপ্তবয়স্কসকলৰ সৈতেই বিচাৰ হ’ব।

২০১৬
৩ বছৰ ৩ মাহ পিছত
৩ এপ্রিল – ১৯ মাহৰ বিৰতিৰ পিছত ছুপ্রিম কোর্টত ফাষ্ট ট্ৰেক মোডত শুনানি আৰম্ভ কৰে ন্যায়াধীশ দীপক মিশ্র, গোপাল গৌড় আৰু কুৰিয়েন জোছেফৰ বিচাৰপীঠে।
২০১৭
৪ বছৰ ১ মাহ ১৮ দিন পিছত
৩ ফেব্রুৱাৰী– নতুনকৈ গোচাৰ শুনাৰ সিদ্ধান্ত, কাৰণ দোষীকেইটাৰ উকীলৰ অভিযোগ আছিল অনেক ক্ষেত্রতেই সঠিক প্রক্রিয়া মানি চলা হোৱা নাই।

৪ বছৰ ৫ মাহ পিছত
৫ মে’ – দিল্লী হাইকোর্টৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখে ছুপ্রিম কোৰ্টে
৩ অভিযুক্তৰ ছুপ্রিম কোর্টত ৰায় পুনর্বিবেচনাৰ আর্জি দাখিল
২০১৮
চাৰে ৫ বছৰ পিছত
৯ জুলাই – ৩ ধর্ষণকাৰী-হত্যাকাৰীৰ শাস্তি পুনর্বিবেচনাৰ আবেদন খাৰিজ কৰে তদনান্তীন প্রধান ন্যায়াধীশ দীপক মিশ্রৰ নেতৃত্বাধীন ৩ সদস্যৰ বিচাৰপীঠে৷ বিনয় শর্মাৰ উকীলে ৰাষ্ট্রপতিৰ ওচৰত প্রাণভিক্ষাৰ আর্জি জনায়। পিছত বিনয়ে সেই আর্জি প্রত্যাহাৰ কৰে৷
২০২০
সাত বছৰ ২২ দিন পিছত
২২ জানুৱাৰী পুৱা ৭ বজাত ৪ অপৰাধী মুকেশ সিং, বিনয় শর্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰক ফাঁচি দিয়া হ’ব বুলি জনায় পাতিয়ালা কোৰ্টে।













