ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কাৰাৰুদ্ধ হৈ থকা লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক মঙলবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত পুনৰ হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতত। আদালতে সংগ্ৰামী নেতাগৰাকীক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। সেই অনুসৰি বৰপেটা কাৰাগাৰতে পুনৰ ৰখা হ’ব শৃংখলক।
উল্লেখ্য যে মঙলবাৰে আদালতত হাজিৰ কৰাবলৈ সংগ্রামী নেতাগৰাকীক লৈ অহাৰ সময়ত তেওঁ কয়, “বিজেপি আৰু ‘কা’ৰ বিৰুদ্ধে সংগ্রাম অব্যাহত থাকিব। ২০২১লৈকে এই যুদ্ধ চলিব আৰু ২০২১ত বিজেপিক চৰকাৰৰ পৰা উৎখাত কৰা হ’ব৷” লগতে তেওঁ উজনি অসমত বিজেপিক একেবাৰে নিশ্চিহ্ন কৰি দিয়া হ’ব বুলিও হুংকাৰ দিয়ে৷
উল্লেখ্য যে অহা ৯ জানুৱাৰীত শৃংখলৰ জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি প্ৰদান কৰিব।













