ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
অগপৰ ভিতৰচ’ৰাত উমি উমি জ্বলি থকা নেতৃত্বকেন্দ্ৰিক বিদ্ৰোহৰ জুইকুৰা যেন ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে৷ তাৰেই প্ৰমাণ পোৱা গ’ল মঙলবাৰে৷ উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইনক সমৰ্থন কৰা-নকৰাক লৈয়ে আঞ্চলিক ৰাজনৈতিক দলটোত আৰম্ভ হৈছে এই বিদ্রোহ। দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰাৰ নেতৃত্বত এটা ফৈদে আইনখন সমৰ্থন কৰাৰ বিপৰীতে দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদে আৰম্ভণিৰে পৰাই আইনখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে৷
উল্লেখ্য যে মঙলবাৰে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা সন্দৰ্ভত তৃণমূল কৰ্মীৰ সৈতে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত৷ প্ৰথমতে এই অনুষ্ঠানটো আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও তাত অনুমতি প্ৰদান নকৰাত এই সম্পৰ্কীয় বৈঠকখন অনুষ্ঠিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰা সদনত৷ উক্ত অনুষ্ঠানত মহন্ত ফৈদৰ মুঠ ২৯খন জিলা সমিতিয়ে নেতৃত্বৰ বিৰুদ্ধে এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তক সংগ দিয়ে দলৰ দুই বৰ্তমানৰ বিধায়ক ক্ৰমে বৃন্দাবন গোস্বামী আৰু পবিন্দ্ৰ ডেকাই।

উল্লেখ্য যে অগপৰ মুঠ ৪৭খন জিলা সমিতিৰ ভিতৰত ২৯খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰা বৈঠকত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে মুকলিকৈ ‘কা’ৰ বিৰোধিতা কৰাৰ লগতে দলৰ নেতৃবৃন্দ ক্ৰমে অতুল বৰা, কেশৱ মহন্ত,ফণীভূষণ চৌধুৰী, ডাঃ কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দলৰ পৰা বহিষ্কাৰ কৰাৰো দাবী উথাপন কৰে।
বৈঠকত উপস্থিত থকা একাংশ জিলা প্ৰতিনিধিয়ে সভাপতি অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে অতুল বৰা দেশদ্ৰোহী। তেওঁ দাদা হ’ব পাৰে, কিন্তু দলৰ ঊৰ্ধ্বত গৈ কাম কৰিলে কেতিয়াও ৰেহাই দিয়া নহ’ব।
ইফালে উক্ত বৈঠকতে ২৯ জিলা সমিতিৰ সহমতত গ্ৰহণ কৰা হয় বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। তাৰে ভিতৰত অন্যতম হ’ল সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰা৷ আনহাতে, এই আইন সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নেতৃত্বক বান্ধি দিয়ে সাত দিনৰ সময়সীমা। অন্যথা দলৰ পৰা নেতৃত্ব পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷
আনহাত, ‘কা’ আন্দোলনত ছহিদ হোৱা ৫গৰাকী ব্যক্তিৰ ন্যায়িক তদন্তৰো দাবী তোলা হয় উক্ত বৈঠকত৷ উক্ত তদন্ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা কৰাবলৈও দাবী জনায়। এই কথা জানিবলৈ দিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামীয়ে।













