ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ওপৰত দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ প্ৰতিবাদত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত বুধবাৰে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ কৰে শিক্ষাৰ্থীসকলে। বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কটনিয়ানে ক’লা পতাকা উৰুৱাই উক্ত ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। লগতে উক্ত ঘটনাৰ ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে।
উল্লেখ্য যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত জেএনইউ চৌহদত দুৰ্বৃত্ত কেনেদৰে সোমাবলৈ পালে তাক লৈও সন্দেহৰ অৱকাশ থকা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী কটনিয়ানসকলে। কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ বক্তব্য, চৰকাৰ আশ্ৰিত গুণ্ডা বাহিনীৰ দ্বাৰাই আক্ৰমণ কৰা হৈছে ছাত্ৰ-ছাত্ৰীকসকলক।
ত্যৎপৰ্যপূৰ্ণ কথাটো হ’ল ঘটনা সংঘটিত হোৱাৰ আজি তৃতীয়টো দিনতো দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাটো দূৰৈৰে কথা, সমগ্ৰ ঘটনাৰ লগত কোন জড়িত আছে তাকো নিশ্চিত কৰিব পৰা নাই প্ৰশাসনে। ইয়াৰ বিপৰীতে জেএনইউ ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষ সহিতে ১২জনৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ আনহাতে, এই সমগ্ৰ ঘটনাৰ বাবে ইতিমধ্যে বিভিন্ন পক্ষই গেৰুৱা মদতপুষ্ট এবিভিপিলৈ সন্দেহৰ আঙুলি টোঁৱাইছে যদিও দিল্লী আৰক্ষী এতিয়াও নিশ্চুপ হৈ আছে।













