ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশজুৰি সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ

ASSAM TIMES POST by ASSAM TIMES POST
January 8, 2020
Reading Time: 2 mins read
A A
0
দেশজুৰি সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

সংশোধিত নাগৰিকত্ব আইন (চিএএ) আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ক লৈ জ্বলিছে সমগ্ৰ দেশ। জামিয়া মিলিয়া ইছলামিয়াৰ পৰা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, এখনৰ পিছত আনখন শিক্ষানুষ্ঠানত কেতিয়াবা যদি আৰক্ষীয়ে, আন কেতিয়াবা আকৌ মুখাধাৰী  দুষ্কৃতিকাৰীয়ে চলাইছে আক্ৰমণ৷  তাৰ মাজতেই ক্রমবর্ধমান অর্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাক লৈ দেশজুৰি আৰম্ভ হৈছে সাধাৰণ ধর্মঘট। বুধবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে এই ধৰ্মঘট কাৰ্যসূচী৷ 

উল্লেখ্য যে কেন্দ্রীয় শ্রমিক সংগঠনসমূহৰ তৰফৰ পৰা বুধবাৰে আহ্বান জনোৱা হৈছে ২৪ ঘণ্টীয়া ধৰ্মঘটৰ৷ এই ধৰ্মঘটত প্রায় ২৫ কোটি লোকে অংশগ্ৰহণ কৰিব বুলি এক যৌথ বিবৃতি প্রকাশ কৰি জনাইছে শ্রমিক সংগঠনকেইটাই। বিবৃতিটোত কোৱা হৈছে যে, ইতিমধ্যে দেশৰ ১২টা বিমানবন্দৰ বেচৰকাৰী সংস্থাৰ হাতত তুলে দিছে কেন্দ্রই। এয়াৰ ইণ্ডিয়াও বিক্ৰী হোৱাৰ পথত। বিএছএনএল-এমটিএনএল সংযুক্তিকৰণৰ কথাও ঘোষণা হৈ গৈছে। জোৰপূৰ্বক স্বেচ্ছামূলক অৱসৰ ল’বলৈ বাধ্য কৰোৱা হৈছে টেলিকম কর্মীসকলক। তাৰ ফলত প্রায় ১ লক্ষ লোক কর্মহীন হৈ পৰিছে।

ধর্মঘটৰ মাধ্যমেৰে চৰকাৰৰ এইবোৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰা হ’ব বুলি জনাইছে শ্ৰমিক সংগঠনকেইটাই। অৱশ্যে কেৱল শ্রমিক সংগঠনেই নহয়, এই ধর্মঘটক সমর্থন জনাইছে ১৭৫টা কৃষক তথা কৃষি সংগঠনেও। 

C6 | ASSAM TIMES POST

দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্মঘটৰ এক ছবি তলত দিয়া হ’ল ​:

  • অসমত বন্ধৰ মিশ্ৰিত প্ৰভাৱ৷ ৰাজ্যখনত বন্ধ আছে পৰিবহণ সেৱা৷ গুৱাহাটী মহানগৰীত স্তব্ধ যান-বাহন চলাচল৷ সদৌ অসম মটৰ শ্ৰমিক পৰিবহণ সন্থাই এই বন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাত সকলো ধৰণৰ ব্যক্তিগত ব্যৱসায়িক যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে৷ গুৱাহাটীত বেঙ্ক সেৱা সম্পূৰ্ণ স্থবিৰ৷ গুৱাহাটীৰ ঠায়ে ঠায়ে বন্ধ আছে ব্যৱসায়িক প্ৰতিষ্ঠান৷আন আন চহৰসমূহতো বন্ধৰ মিশ্ৰিত প্ৰভাৱ৷
  • ৰাষ্ট্ৰীয়কৃতবেঙ্কসমূহৰ সংযুক্তিকৰণৰ বিৰুদ্ধে আজিৰ বন্ধলৈ সমর্থন জনাইছে বেঙ্ক ইউনিয়নসমূহে। অল ইণ্ডিয়া বেঙ্ক এমপ্লয়িজ এছোচিয়েচন (এআইবিইএ), অল ইণ্ডিয়া বেঙ্ক অফিচাৰ্চ এছোচিয়েচন (এআইবিঅ’এ), বেঙ্ক এমপ্লয়িজ ফেডাৰেচন অব ইণ্ডিয়া (বিইএফআই), ইণ্ডিয়ান নেচনেল বেঙ্ক অফিচাৰ্চ এমপ্লয়িজ ফেডাৰেচন (আইএনবিইএফ) আৰু ইণ্ডিয়ান নেচনেল বেঙ্ক অফিচাৰ্চ কংগ্রেছ (আইএনবিঅ’সি) বন্ধত চামিল হৈছে। অৱশ্যে ষ্টেট বেঙ্ক অব ইণ্ডিয়া কর্তৃপক্ষই তেওঁলোকৰ কাম-কাজ স্বাভাৱিক থাকিব বুলি জনাইছে ।
  • হাৰিয়ানাত পৰিবহণ কর্মীসকলৰ একাংশই বন্ধত যোগ দিছেন। অৱশ্যে তাত যান-বাহন চলাচলত সিমান এটা প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই৷ পঞ্জাব বিশ্ববিদ্যালয়ৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে এটা ছাত্র সংগঠনে।

C2 | ASSAM TIMES POST

  • চণ্ডীগড়ত চৰকাৰী বেঙ্ক, পৰিবহণ আৰুডাক বিভাগৰ কর্মীসকলে বন্ধত অংশগ্ৰহণ কৰিছে। চামিল হৈছে একাধিক কৃষক সংগঠনো। লুধিয়ানা, জলন্ধৰ, ভাতিণ্ডা, পঞ্জাবত চৰকাৰবিৰোধী শ্লোগান দিয়ে আন্দোলনকাৰাসকলে। জলন্ধৰত কাৰখানালৈ যোৱাৰ পথত এদল শ্রমিকক আন্দোলনকাৰীয়ে বাধা প্ৰদান কৰা বুলি অভিযোগ উঠিছে। লুধিয়ানা আৰু পঞ্জাবত যান-বাহন চলাচলত প্রভাৱ পৰিছে।
  • বন্ধৰ ফলত ৰাজস্থানত ব্যাহত বেঙ্ক সেৱা। পৰিবহণ কর্মীসকলেও বন্ধত যোগ দিয়াত যান-বাহন চলাচলত প্রভাৱ পৰিছে। জয়পুৰত এটি এলআইচি কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে আন্দোলনকাৰীসকলে।
  • ভূপালত বন্ধত যোগ দিয়ে বেঙ্ক কর্মচাৰীসকলে।
  • কোচিত বন্ধ সমগ্ৰ দোকান-পোহাৰ৷ ৰাস্তা-ঘাট শূন্য৷ মেট্রো ষ্টেচনত যাত্রী নাই বুলিবই পাৰি।
  • কেৰালাৰ সৰ্বত্ৰ পৰিছে বন্ধৰ প্ৰভাৱ৷ বন্ধৰ কবলত সমগ্ৰ দোকান-পোহাৰ তথা কাৰ্যালয়সমূহ।
  • শ্রমিক সংগঠনৰ বন্ধকসমর্থন জনাইছে মহাৰাষ্ট্রৰ মন্ত্রী অশোক চহ্বানে।

C5 | ASSAM TIMES POST

  • চেন্নাইৰ মাউণ্ট ৰোডত বিক্ষোভ প্ৰদৰ্শ কৰিছে আন্দোলনকাৰীসকলে।
  • মুম্বাইত ভাৰত পেট্রোলিয়াম কর্পোৰেচন লিমিটেডৰ কর্মচাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে।
  • সৰ্বভাৰতীয় কিষাণ সভা (এআইকেএছ)ই আজি আজাদ ময়দানত বিক্ষোভ প্ৰদৰ্শন কৰে৷
  • অৱৰোধত সমর্থন জনায় কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে। টুইটাৰত তেওঁ লিখিছে, ‘‘মোডী চৰকাৰৰ জনসাধাৰণ আৰু শ্রমিকবিৰোধী নীতিৰ বাবেই নিৱনুৱা সমস্যাই দেখা দিছে। দুর্বল হৈ পৰিছে ৰাষ্ট্ৰীয়কৃত সংস্থাসমূহ।’’
  • কৰ্ণাটকৰ মাডিকেৰিত চৰকাৰী বাচক লক্ষ্য কৰি শিলাবৰ্ষণ আন্দোলনকাৰীৰ।
  • ওড়িশাৰ ভুবনেশ্বৰত পথ অৱৰোধ ।

C | ASSAM TIMES POST

  • পশ্চিমবঙ্গৰ হাওড়াত ৰে’ল অৱৰোধ৷
  • হাৰিয়ানাত বন্ধত চামিল পথ পৰিবহণ বিভাগৰ কর্মচাৰীসকল। তেওঁলোকৰ অভিযোগ, পথ পৰিবহণ ব্যৱস্থাৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা চলিছে। উল্লেখ্য যে হাৰিয়ানাত প্রতিদিনে ১২ লক্ষৰো অধিক লোকে ভলভোসহ চৰকাৰী বাচত যাতায়াত কৰে। পৰিবহণ কর্মচাৰীসকল বন্ধত চামিল তেওঁলোকৰ নাজল-নাথল অৱস্থা হৈছে।
  • কেৰালাত পর্যটন বিভাগক বন্ধৰ পৰা ৰেহাই দিছে শ্রমিক সংগঠনসমূহে।
  • বংগত বামপন্থী সংগঠনসমূহে বন্ধত অংশগ্ৰহণ কৰিছে। কিন্তু মমতা বেনাৰ্জীৰ চৰকাৰে ইয়াৰ সমর্থন জনোৱা নাই। সর্বত্র যান-বাহন চলাচল স্বাভাৱিক যদিও যাত্রীৰ সংখ্যা অন্য দিনৰ তুলনাত কম।

C4 | ASSAM TIMES POST

  • মহাৰাষ্ট্রৰ নাছিক, কোলাপুৰ, ছঙ্গলি, পুণেসহ একাধিক স্থানত ‘পথ বন্ধ’ কাৰ্যসূচী শ্রমিক সংগঠনসমূহৰ। ৰে’ল ইউনিয়নৰ তৰফৰ পৰাও বন্ধলৈ সমর্থন। অৱশ্যে ৰে’ল চলাচল বিঘ্নিত নহ’ব বুলি জনাইছে ‘নেচনেল ৰে’লৱে মজদুৰ সঙ্ঘ’ই।
  • বেঙ্ক সেৱাতধর্মঘটৰ প্রভাৱ বিশেষ নপৰে বুলি দাবী কৰিছেএছবিআই কর্তৃপক্ষই।
  • দেশজুৰি বন্ধৰ মাজতেই বেঙ্ক সেৱা স্বাভাৱিক ৰখাৰ চেষ্টা কৰা হৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx