ASSAM TIMES POST
নিউজ ডেস্ক
বুধবাৰে পুৱা সাত বজাত তেহৰান বিমানবন্দৰৰ ওচৰত ভাঙি পৰে এখন ইউক্ৰেনীয় বিমান। উল্লেখ্য যে বিমানকর্মীসহ মুঠ ১৭৬জন যাত্রীক লৈ তেহৰানৰ ইমাম খোমেইনি বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে। আকাশত উৰাৰ কিছু সময়ৰ ভিতৰতেই বিমানখন ভাঙি পৰে। দুর্ঘটনাটোত বিমানখনৰ যাত্রীসকলৰ আটাইকেইজনৰেই মৃত্যু হোৱা বুলি জনাইছে দেশখনৰ চৰকাৰী টেলিভিছন চেনেলে।
বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ কিছু সময়ৰ ভিতৰতেই দুর্ঘটনাটো কেনেদৰে ঘটিল, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে৷ অৱশ্যে যান্ত্রিক বিজুতিৰ বাবেই দুর্ঘটনাটো সংঘটিত হোৱা বুলি জনাইছে ইৰানৰ সংবাদ সংস্থা আইএছএনএ। উল্লেখ্য যে বিগত চাৰে তিনি বছৰ ধৰি যাত্রী পৰিবহণৰ বাবে বিমানখন ব্যৱহাৰ হৈ আছিল বুলি জানিবলৈ দিয়ে ফ্লাইট ট্ৰেকিং ছার্ভিছ ‘ফ্লাইট ৰেডাৰ-২৪’-এ।
উল্লেখ্য যে তেহৰানন ইমাম খোমেইনি বিমানবন্দৰ সূত্রে জানিব পৰামতে,, বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ৫.১৫ বজাত সেই স্থানৰ পৰা কিয়েভৰ বোৰিস্পিল আন্তর্জাতিক বিমানবন্দৰ উদ্দেশে ৰাওনা হোৱাৰ কথা আছিল ইউক্রেনিয়ান এয়াৰলাইনৰ দুর্ঘটনাগ্রস্ত ব’য়িং ৭৫২ বিমানখন।

কিন্তু প্রায় এক ঘণ্টা পলমকৈ, পুৱা ৬ বাজি ১২ মিনিটত বিমানখনে উৰা মাৰে৷ তাৰ কিছু সময় পিছতেই দক্ষিণ-পশ্চিমৰ পাৰান্দৰ ওচৰত বিমানখন ভাঙি পৰে। ইৰানৰ আইএছএনএ সংবাদ সংস্থাৰ তৰফৰ পৰা এটি ভিডিঅ’ প্রকাশ কৰা হৈছে। তাত জুইলগা অবস্থাত বিমানখনক মাটিত পৰা দেখা যায়। তাৰ পিছত প্রচণ্ডজোৰে বিস্ফোৰণো ঘটে।
বিষয়টো জানিব পাৰি প্ৰায় লগে লগেই ঘটনাস্থলীত তেহৰানৰ আপদকালীন সেৱা বিভাগৰ কর্মীসকল উফস্থিত হয়। উদ্ধাৰকাৰীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয় বুলি জনায় দেশখনৰ অসামৰিক বিমান পৰিবহণ বিভাগৰ মুখপাত্র ৰেজা কাফৰাজাদেও। কিন্তু সেই সময়ত সকলো শেষ হৈ গৈছিল৷
উল্লেখ্য যে ইউক্রেনিয়ান এয়াৰলাইনৰ যিখন বিমান আজি দুর্ঘটনাগ্রস্ত হৈছে, সেইখন দুটা ইঞ্জিনবিশিষ্ট, মজলীয়া দূৰত্বৰ ব’য়িং ৭৩৭-৮০০-ৰ ভিতৰত পৰে। ১৯৯০ চনৰ শেষৰফালে এই বিমানখন আৰম্ভ কৰা হয়। এই মুহূর্তত বিশ্বৰ বহু দেশৰ বিমান সংস্থাই এই বিমান ব্যৱহাৰ কৰে। অৱশ্যে এই ধৰণৰ বিমান দুর্ঘটনাপ্রবণ বুলিও মতপোষণ কৰে বিশেষজ্ঞসকলৰ একাংশই। ২০১৬ৰ মার্চত ডুবাইৰ পৰা ৰাছিয়াৰ ৰোস্তভ অন ডন বিমানবন্দৰত অৱতৰণৰ সময়ত ফ্লাইডুবাই ৭৩৭-৮০০ বিমানখন ভাঙি পৰি ৬২জনৰ প্রাণহানি হৈছিল। ২০১০ৰ মে’ মাহত ডুবাইৰ পৰা মেঙ্গালুৰুত নমাৰ সময়ত ভাঙি পৰিছিল এয়াৰ ইণ্ডিয়া এক্সপ্রেছৰ আন এখন ৭৩০-৮০০ বিমান। সেইবাৰ ১৫০জন যাত্রীৰ মৃত্যু হৈছিল।













