ASSAM TIMES POST
নিউজ ডেস্ক
জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন, ২০১৯ বিৰোধী প্ৰবল প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত বাতিল কৰা হ’ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ। উল্লেখ্য যে অহা ১০ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগা ‘খেলো ইণ্ডিয়া’ উদ্বোধন কৰাৰ কথা আছিল প্ৰধান মন্ত্ৰী মোডীৰ।

ইফালে প্ৰধান মন্ত্ৰী মোডীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ পিছত এতিয়া ‘খেল’ ইণ্ডিয়া য়ুথ গেমছ’ উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। উল্লেখ্য যে বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে জাতীয় দল-সংগঠনৰ প্ৰতিবাদ।
তাৰ মাজতে অসমবাসীৰ প্ৰতিবাদক গুৰুত্বহীন কৰি মোডীয়ে অসম ভ্ৰমণলৈ আহিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে। আনকি শিল্পী জুবিন গাৰ্গেও মোডীৰ ভ্ৰমণৰ সময়ত বিমানবন্দৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰিছিল। তাৰ পিছতে সম্ভাৱ্য অনাহূত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় মোডীৰ অসম ভ্ৰমণ।













