ASSAM TIMES POST
নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশত বিক্ষোভ, প্ৰতিবাদ অব্যাহত আছে৷ বিভিন্ন এলেকাত হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ বহু ঠাইত প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে৷ এই হিংসাক লৈ এইবাৰ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে৷
নাগৰিকত্ব সংশোধনী আইনক ‘সাংবিধানিক’ ঘোষণা কৰাৰ দাবীত গোচৰ ৰুজু কৰাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে কয়, দেশ এক কঠিন সময়ৰ ভিতৰত গৈছে৷ হিংসা বন্ধ হ’লে উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি ল’ব বুলি জনালে মুখ্য ন্যায়াধীশজনে৷ উচ্চতম ন্যায়ালয়ত অধিবক্তা বিনীত ধাণ্ডেয়ে আবেদন কৰিছে নাগৰিকত্ব সংশোধনী আইন ‘সাংবিধানিক’ ঘোষণা কৰা হওক৷
অপপ্ৰচাৰ বিয়পোৱা প্ৰতিবাদকাৰী সমাজকৰ্মী, শিক্ষাৰ্থী আৰু সংবা মাধ্যমৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আদালতৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এই সম্পৰ্কত বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে৷ এই সময়তে মুখ্য ন্যায়াধীশ বোবডেয়ে কয়, মই কি দৰে সংসদত অনুমোদন হোৱা এখন আইনক সংবিধানিক ঘোষণা কৰিম?
ইয়াৰ পিছত ভৰ্ৎসনাৰ সুৰতেই অধিবক্তা বিনীত ধান্দাক কয়, মোৰ মতে এই আইন সাংবিধানিক৷ আপুনি যদি আইনৰ ছাত্ৰ তেন্তে এইটো কথা জনা উচিত আছিল৷










