
উত্তৰ প্ৰদেশৰ নয়ডাত (Noida) ‘ৰহস্যজনকভাৱে’ ১৪জন লোকৰ মৃত্যু হয়। পথৰ পৰা উদ্ধাৰ হৈছে সকলোৰে মৃতদেহ। সকলোকে অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। প্ৰথম অৱস্থাত গ্ৰীষ্মপ্ৰবাহৰ বাবে ১৪ জন লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

স্থানীয় সূত্ৰ মতে, মহানগৰীৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত বিগত কেইদিনমানৰ পৰা গৰমজনিত ৰোগত ভৰ্তি হোৱা লোকৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে। জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা অধীক্ষক ৰেণু আগৰৱালাই জনায় যে মঙলবাৰলৈকে নয়ডা জিলা চিকিৎসালয়ত ‘অজ্ঞাত’ কাৰণত ১৪ জন লোকৰ মৃত্যু হৈছে। বেছিভাগেই পথচাৰী আৰু আৰক্ষী।
মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সঞ্চালক অজয় কুমাৰ গুপ্তাই কয় যে বিগত কেইদিনমানৰ পৰা তেওঁলোকৰ চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ মাজত হিট ষ্ট্ৰোকৰ লক্ষণ দেখা পোৱা গৈছে। কাৰোবাৰ পেটৰ সমস্যা, কাৰোবাৰ বমি, কিছুমানৰ তীব্ৰ জ্বৰৰ লক্ষণ। বহুতৰে ভাগৰুৱা আৰু ভোক কমি যোৱাৰ লক্ষণো দেখা দিছে। অজয় কুমাৰৰ মতে, “যোৱা বছৰৰ তুলনাত এই বছৰ গৰমৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৪০-৪৫ শতাংশ বৃদ্ধি পাইছে।”
উল্লেখযোগ্য যে বিগত দুদিনত দিল্লী আৰু নয়দাত হিট ষ্ট্ৰ’কত ৩০ জন লোকৰ মৃত্যু হৈছে। নয়ডাত তাপমাত্ৰা ৪৫ ডিগ্ৰী পৰ্যন্ত হয়। অৱশ্যে বৃহস্পতিবাৰে পুৱাৰে পৰা দিল্লী আৰু এনচিআৰত বতৰৰ পৰিৱৰ্তন দেখা গৈছে। ঠাণ্ডা বতাহৰ বাবে তাপমাত্ৰা কিছু হ্ৰাস পাইছে। অৱশ্যে ২৩ জুনৰ পৰা পুনৰ বৃদ্ধি পাব তাপমাত্ৰা। গ্ৰীষ্মপ্ৰবাহৰ পূৰ্বাভাসো দিয়া হৈছে। ২৪ আৰু ২৫ জুনত বৰষুণৰ সম্ভাৱনা আছে।










