
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে।১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

পিছলৈ ১৯৫২ চনৰ ২৩ জুন তাৰিখে ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। বৰ্তমান এই দিনটোক পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়।আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিফুৰ তাৰালাংছ’ৰ বাকৰিত পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়।পুৱাৰ ভাগত কাৰ্বি আংলং পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ৱে পতাকা উত্তোলন কৰাৰ লগতে ছেমছন ছিং ইতি,খৰছিং তেৰাং আৰু ছাৰছিং তেৰণ লাংকুং হাবেৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ উপৰি ‘ছেৰতালিন’ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ ক্ষমতা আৰু ইয়াৰ প্ৰতিষ্ঠা সন্দৰ্ভত বক্তব্য ৰাখে মুখ্য কাৰ্যবাহী ৰংহাঙে।উল্লেখ্য যে প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু কাৰ্বি কালচাৰেল ছ’ছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ক চিইএম লাইফ টাইম এচিভমেণ্ট বঁটা প্ৰদান কৰে। লগতে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা ব্যক্তিসকলকো সভাত সন্মানিত কৰা হয়।
সমাগত কাৰ্বি আংলং দিৱসত উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা সকলো জনজাতিৰ সৈতে সাংস্কৃতিক বিনিময় কৰা হ’ব।অহা জুলাই মাহৰ পৰা প্ৰতিটো পৰিষদীয় সমষ্টিত উপস্থিত হৈ ৰাইজৰ অভাৱ-অভিযোগ সন্দৰ্ভত বুজ ল’ব বুলি অৱগত কৰায় চিইএম ৰংহাঙে।












