ASSAM TIMES POST
নিউজ ডেস্ক
জম্মু আৰু কাশ্মীৰত ইণ্টাৰনেটসহ সমগ্ৰ নিষেধাজ্ঞা দিয়াৰ সন্দৰ্ভত প্ৰশাসনক এসপ্তাহৰ ভিতৰত পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়য়ে৷ জম্মু আৰু কাশ্মীৰত কিয় চৰকাৰে নিষেধাজ্ঞা বাহাল ৰাখিছে তাকে লৈ কাশ্মীৰ টাইমছৰ সম্পাদক অনুৰাধা ভাছিন আৰু কংগ্ৰেছ সাংসদ গুলাম নবী আজাদে গোচৰ ৰুজু কৰিছিল৷

ন্যায়াধীশ এন ভি ৰামানা, আৰ সুভাষ ৰেড্ডী আৰু বি আৰ গাভাইয়েৰ বিচাৰপীঠে এই গোচৰৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰে৷ উচ্চতম ন্যায়ালয়ে কয়, তথ্য আদান প্ৰদানৰ গুৰুত্বপূৰ্ণ মাধ্যম ইণ্টাৰনেট৷ আৰু ই মত প্ৰকাশৰ স্বাধীনতাৰ এটা অংশ৷










