ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Congress Press conference : পিজিআৰ-ভিজিআৰ ভূমিৰ অবৈধ বেদখলকলৈ দুই পাৰ্বত্য জিলা কংগ্ৰেছৰ যুটীয়া সংবাদমেল

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 8, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

New Logo Smal 1 | ASSAM TIMES POST
কার্বি আংলং (Karbi Anglong) আৰু পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলা কংগ্রেছ দলে (Congress Party) আজি ডিফুস্থিত কংগ্রেছ কার্যালয়ত এখন সংবাদমেল (Press conference) সম্বোধন কৰি  বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা কর্তন কৰাৰ অভিযোগ আনে। কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্রেছৰ সভাপতিদ্বয় ক্রমে বিদ্যাছিং ৰংপি আৰু ছিং টেৰণে সম্বোধন কৰা সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ বিষয়ত কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰাৰ লগতে শাসকীয় বিজেপি দলক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। জিলাখনক পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR Land)ত উচ্ছেদ চলোৱা সন্দর্ভত কংগ্রেছ দলটোৱে বিষয়টো সন্দর্ভত সকলো দল-সংগঠনে সহমত পোষণ কৰি এই ভূমিত উচ্ছেদ চলোৱাৰ  সিদ্ধান্ত গ্রহণ কৰিছিল বুলি উল্লেখ কৰি এতিয়া পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড:  তুলিৰাম ৰংহাঙে ১৫ দিনৰ ভিতৰত জাননী জাৰি কৰাৰ কথা ঘোষণা কৰা বুলি উল্লেখ কৰি বল এতিয়া তুলিৰাম ৰংহাঙৰ কৰ্টত থকা বুলি উল্লেখ কৰে।

আনহাতে, ষষ্ঠ অনুসূচীৰ ১২৫তম্ সংশোধনী সন্দর্ভত সংবাদমেলত কয় যে ইতিমধ্যে ইয়াৰ খচৰা প্রস্তুত হৈছে আৰু ৰাজ্য সভা আৰু লোকসভাত সংশোধনৰ বাবে দাখিল কৰা হৈছে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াৰ বাবে যষ্ঠ অনুসূচী সন্দর্ভত এখন কর্মশালাও অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি কয় যে যষ্ঠ অনুসূচীৰ ক্ষমতা পাহাৰৰ জনতাৰ বাবে যথেষ্ট নহয়, সেয়ে আমি স্বায়ত্ত শাসিত বাজ্যৰ দাবী উত্থাপন কৰিছো। এএছডিচি, ইউপিডিএছ, কেএলএনএলএফ, কেপিএলটি আদি সংগঠনে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদলৈ অধিক ক্ষমতা আনিবলৈ সক্ষম হ’ল বুলি উল্লেখ কবি আজিলৈকে চৰকাৰে এই ক্ষমতাসমূহ সম্পূর্ণৰূপে পৰিষদৰ হাতত অর্পণ নকৰা বুলি অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত চুক্তি অনুসৰি চৰকাৰে চেলচ টেক্স, এক্সাইচ ডিউটি টেক্স, মটৰ ভেহিকল টেক্স আদি পৰিষদৰ হাতত অর্পণ নকৰা বুলি উল্লেখ কৰে সংবাদমেলৰ জৰিয়তে। ইয়াৰ বিপৰীতে পৰিষদৰ হাতত পূর্বৰে পৰা থকা ক্ষমতা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিনকদিনে কাঢ়ি নিয়া বুলি সমালোচনা কৰে সংবাদমেলত। বিদ্যাছিং ৰংপিয়ে কয় যে- ২০০৭-০৯ বর্ষত পৰিষদত বংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত তেওঁ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰূপে কার্যনির্বাহ কৰিছিল আৰু সেই সময়ত পৰিষদে কনিষ্ট অভিযন্তাৰ পৰা প্রাথমিক, কলেজ শিক্ষকলৈকে পৰিষদে নিযুক্তি দিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি কয় যে এতিয়া ৰাজ্য চৰকাৰে এছআইইউ জাপি দি পৰিষদৰ প্রাথমিক শিক্ষক পর্যন্ত নিযুক্তি ক্ষমতা কাঢ়ি নিয়া বুলি দাবী কৰে। শিক্ষকৰ দৰমহা পর্যন্ত অসম চৰকাৰে প্ৰদান কৰে বুলিও সংবাদমেলত উল্লেখ কৰে।

pgr vgrp | ASSAM TIMES POST

প্রাথমিক শিক্ষা পৰিষদৰ অধীনত আৰম্ভণিৰে পৰা আছিল বুলি উল্লেখ কৰি সংবাদমেলত বর্তমান প্রাথমিক শিক্ষা বিষয়টো অসম চৰকাৰৰ হাতলৈ গুছি যোৱা বুলি দাবী কৰে। এতিয়া ষষ্ঠ অনুসূচীৰ ১২৫তম্ সংশোধনীৰ জবিয়তে পৰিষদে অধিক ক্ষমতা লাভ কৰে নে যষ্ঠ অনুসূচীৰ ক্ষমতা কর্তন হয় সেইটোহে লক্ষ্যণীয় হ’ব বুলি সংবাদমেলত উল্লেখ কৰে কংগ্রেছ নেতা কেইগৰাকীয়ে। ইপিনে, ভিলেজ কাউন্সিল আৰু ট্রেডিহনেল কাউন্সিলসমূহলৈ পোনপটীয়াকৈ ধন প্রদান কৰা হ’ব বুলি মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰা ঘোষণা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে, এনে কৰিলে পৰিষদৰ এই দুয়োখন কাউন্সিলৰ ওপৰত নিয়ন্ত্রণ নোহোৱা হ’ব। যিটোৱে পৰিষদৰ ক্ষমতা আৰু অধিক কর্তন কৰিব। পৌৰসভা, ভিলেজ কাউন্সিল, ট্রেডিছনেল ভিলেজ কাউন্সিল আদিৰ নির্বাচন পৰিচালনা ক্ষমতা ৰাজ্যিক নির্বাচন আয়োগৰ পৰিৱর্তে পৰিষদৰ হাতত থকা উচিত বুলিও কংগ্রেছ দলে মতপোষণ কৰে।

ষষ্ঠ অনুসূচীৰ পুনৰ সংশোধন অথবা অধিক ক্ষমতা প্রদান অন্তিম কথা নহয় বুলি দাবী কৰি এখন স্বায়ত্ত শাসিত ৰাজ্যহে কংগ্রেছ দলে দাবী কৰে বুলি সংবাদমেলত প্রকাশ কৰে দুয়োখন জিলা কংগ্রেছ দলে। আনহাতে পৰিষদৰ অধীনত সৰু সৰু ঠিকাদাৰ বর্তমান নোহোৱা হৈ পৰা বুলি উল্লেখ কৰি পার্বত্য জিলা দুয়োখনৰ জনসাধাৰণৰ হাতত এতিয়া পইচা নাই বাবে অৱস্থা অতি শোচনীয় হৈ পৰা বুলি সংবাদমেলযোগে অভিযোগ কৰে। ইয়াৰোপৰি দুয়োখন পার্বত্য জিলাত বিপিএল আৰু অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো অর্থনৈতিকভাবে দুয়োখন পার্বত্য জিলাৰ বৰ্তমানৰ স্থিতি প্রকাশ কৰা বুলিও সমালোচনা কৰে৷ দুয়োখন জিলাত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি নিবনুৱা যুবক-যুবতীয়ে এতিয়া কেৰেলা, বেংগালুৰু আদিলৈ যাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে। জিলাখনৰ ঠিকাদাৰসকলক দীর্ঘ দিনে বিল প্রদান নকৰা বুলি উল্লেখ কৰি মূল্যবৃদ্ধিয়েও দুয়োখন পার্বত্য জিলাবাসীক জুৰুলা কৰা বুলি তীব্র সমালোচনা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuCongressPressconferenceডিফুকংগ্ৰেছৰযুটীয়াসংবাদমেল
Share13Tweet8Send

Related Posts

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

by ASSAM TIMES POST
November 1, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
55
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

by News Desk
October 31, 2026
52
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
ADVERTISEMENT
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
50
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
50
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
BREAKING NEWS

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026
50
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d