
পেৰিছ অলিম্পিক (Paris Olympics)ৰ তৃতীয় দিনটো ভাৰতৰ বাবে ভাল আৰম্ভণি নহ’ল। বেডমিণ্টনৰ ডাবলছত দ্বিতীয়খন মেচ খেলাৰ সুযোগ নাপালে সাত্বিক সাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে। তেওঁলোকৰ মেচ আছিল জাৰ্মানীৰ মাৰ্ক লেমছফছ আৰু মাৰ্ভিন ছেইডেলৰ বিৰুদ্ধে। কিন্তু জাৰ্মান যুটিয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে মেচখন বাতিল কৰা হয়। আনহাতে, লক্ষ্য সেনৰ (Lakshya Sen) ক্ষেত্ৰতো একেই ঘটনা হয়। একক শাখাত প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছতো তেওঁ কোনো পইণ্ট নাপালে। তেওঁৰ প্ৰতিদ্বন্দ্বী কেভিন কৰ্ডনে নিজৰ নাম প্ৰত্যাহাৰ (Name Withdrawal) কৰাৰ পিছত তেওঁৰ পইণ্ট কৰ্তন হয়।
প্ৰথমখন মেচত জয়লাভৰ পিছত ভাৰতীয় যুটিটোৱে দ্বিতীয়খন মেচত জাৰ্মানীৰ মাৰ্ক লেমছফছ আৰু মাৰ্ভিন ছেইডেলৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও মেচৰ পূৰ্বে মাৰ্ক আঘাতপ্ৰাপ্ত হয়। সেইবাবে জাৰ্মান যুটিটোৱে নাম উঠাই লোৱাত ভাৰতীয় যুটিটোৰ মেচ বাতিল হয়। বিশ্ব বেডমিণ্টন সংস্থাৰ নিয়ম অনুসৰি, কোনো প্ৰতিযোগীয়ে অলিম্পিকৰ দৰে প্ৰতিযোগিতাৰ পৰা নাম উঠাই ল’লে তেওঁলোকৰ বিৰুদ্ধে খেলিবলগা সকলো মেচ বাতিল কৰা হয়।

অৰ্থাৎ গ্ৰুপটোৰ পৰা সেই প্ৰতিযোগীসকলৰ নাম বাদ দিয়া হয়। বাকীসকলৰ লগত পৰৱৰ্তী প্ৰতিযোগিতা হয়। প্ৰথমখন মেচত জয়ী হৈ মেচ পইণ্ট লাভ কৰিছিল ভাৰতীয় যুটিটোৱে। কিন্তু এতিয়া তেওঁলোকৰ হাতত কোনো পইণ্ট নাই। ফলত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে এতিয়া পৰৱৰ্তী মেচখনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
আনহাতে, একক শাখাত লক্ষ্যই প্ৰথমখন মেচত গুৱেটামালাৰ কেভিন কৰ্ডনক পৰাস্ত কৰে। তেওঁ পোনপটীয়া ব্যৱধানত জয়লাভ কৰে। কিন্তু দুদিন পিছত গম পোৱা যায় যে তেওঁ কোনো পইণ্ট লাভ কৰা নাই। কাৰণ আঘাতৰ বাবে কৰ্ডনে অলিম্পিকৰ পৰা নাম উঠাই লৈছে। গতিকে তেওঁৰ প্ৰতিখন মেচ বাতিল বুলি ধৰা হয়। তেওঁ যিটো গ্ৰুপত আছে, তাত প্ৰথমে চাৰিগৰাকী প্ৰতিযোগী আছিল। এতিয়া সেয়া তিনিগৰাকীলৈ হ্ৰাস পাইছে।













