
এইবাৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্ট (10m Air Pistol Mixed Event)ত ব্ৰঞ্জৰ পদকৰ বাবে (for Bronze Medal) যুঁজিব মনু ভাকেৰে (Manu Bhaker)। তেওঁৰ সংগী হৈছে সৰৱজোত সিং (Sarabjot Singh)। মনুৱে কোৱালিফায়িং ৰাউণ্ডত নিজৰ তিনিটা ৰাউণ্ডত ক্ৰমে ৯৮, ৯৮ আৰু ৯৫ স্ক’ৰ সংগ্ৰহ কৰে। সৰৱজোতে ক্ৰমে ৯৫, ৯৭ আৰু ৯৭ স্ক’ৰ সংগ্ৰহ কৰে। অৰ্থাৎ তিনি ৰাউণ্ডৰ পিছত মনুৰ মুঠ স্ক’ৰ ২৯১ আৰু সৰৱজোটৰ হৈছে ২৮৯।

তেওঁলোকে একেলগে ৫৮০ স্ক’ৰ সংগ্ৰহ কৰে। ভাৰতীয় যুটিটোৱে তিনি নম্বৰ স্থানত তেওঁলোকৰ এই ৰাউণ্ডৰ অন্ত পেলায়। দক্ষিণ কোৰিয়াৰ জিন য়ে অহ আৰু ৱনহো লীয়ে চতুৰ্থ স্থান দখল কৰে। তেওঁলোকে মুঠ ৫৭৯ স্ক’ৰ সংগ্ৰহ কৰে। অৰ্থাৎ তেওঁলোকেও মনুতকৈ এটা স্ক’ৰ কম লাভ কৰে। এতিয়া কোৰিয়ান যুটিটোৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ মেচ খেলিব লাগিব মনু আৰু সৰৱজ্যোতে। মঙলবাৰে দিনৰ ১ বজাৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা।













