
কেৰালাৰ ৱেয়ানাড়, হিমাচল প্ৰদেশৰ পিছত এইবাৰ উত্তৰাখণ্ড (Uttarakhand)। ইটোৰ পিছত সিটোকৈ ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলন সংঘটিত হয় কেদাৰনাথ, চামোলি, টিহৰীত।

বিগত কিছুদিন ধৰি উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত মূষলধাৰ বৰষুণ হৈ আছে। বুধবাৰে বৃদ্ধি পায় বৰষুণৰ পৰিমাণ। বুধবাৰে কেদাৰনাথত হঠাৎ ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলন হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, কেদাৰনাথলৈ যোৱা পথৰ কেইবাটাও স্থানত ভূমিস্খলনৰ বাবে তীৰ্থযাত্ৰী আবদ্ধ হৈ আছে।
মূষলধাৰ বৰষুণৰ ফলত কেদাৰনাথত হঠাৎ হোৱা ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়। কেৱল সেয়াই নহয়, হৰিদ্বাৰত এটা ঘৰ ভাঙি পৰাৰ ফলত একেটা পৰিয়ালৰ ৬ জন সদস্য আহত হোৱা বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।
আনহাতে, বৰ্তমান চলি আছে চাৰধাম যাত্ৰা। দুৰ্যোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰশাসনে তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাৰ্তা প্ৰদান কৰিছে। জানিব পৰা মতে, কেদাৰনাথৰ বিভিন্ন স্থানত ১৫০-২০০ তীৰ্থযাত্ৰী আবদ্ধ হৈ আছে। ইতিমধ্যে কেদাৰনাথলৈ ৰাওনা হোৱাসকলক এই যাত্ৰা সম্প্ৰতি পিছুৱাই দিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইফালে হিমাচলতো ডাৱৰ বিস্ফোৰণৰ বাবে বহু ঠাইত ভূমিস্খলন সংঘটিত হয়। প্ৰথম অৱস্থাত জনা গৈছে যে বৃহস্পতিবাৰে পুৱা মাণ্ডীৰ থালটুখাৰ অঞ্চলত হোৱা ডাৱৰ বিসস্ফোৰণৰ বাবে কমেও ৯ জন লোক সন্ধানহীন হৈ আছে।
এজন লোকৰ মৃত্যু হয়। মাণ্ডীৰ উপ আয়ুক্ত অপূৰ্ব দেৱগনে সংবাদ সংস্থা এএনআইক এজন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। চিমলা জিলাৰ ৰামপুৰৰ সমীপৱৰ্তী চমেজখাৰ অঞ্চলতো ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৯ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।











