
বুধবাৰে সন্ধানহীন হোৱা আৰক্ষী বিষয়া দুজনৰ মৃতদেহ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ বনাঞ্চলৰ পৰা উদ্ধাৰ (JK terrorist attack) কৰা হয়। বিশেষ আৰক্ষী বিষয়া দুগৰাকী হৈছে ৪০ বছৰীয়া ৰাছপাল কুমাৰ আৰু ৫৪ বছৰীয়া ববি চান্দ। ডাচন আৰক্ষী থানাত কৰ্মৰত আছিল দুয়ো। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে বিয়লি কিষ্টৱাৰৰ বনাঞ্চলত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। তাৰ পিছৰে পৰা বিষয়া দুজনৰ অৱস্থান বিচাৰি উলিয়াব পৰা নাছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডাচন-মাৰৱাত সেনাবাহিনীৰ সৈতে তেওঁলোকে টহল দি আছিল। তাৰ পৰা ধেৰনাৰ সেনা চকীলৈ গৈ আছিল। অঞ্চলটো মাৰৱা থানাৰ অন্তৰ্গত। সেই সময়ত অঞ্চলটোৰ মোবাইল নেটৱৰ্কতো সমস্যাৰ সৃষ্টি হোৱাৰ খবৰ আহিছিল। কিন্তু মাজবাটতে সন্ধানহীন হৈ পৰে বিষয়া দুজন। সূত্ৰ অনুসৰি, বন্দুকৰ গুলীৰ শব্দও শুনা যায়। দুজন আৰক্ষী বিষয়া নিৰুদ্দেশ হোৱাৰ তথ্য লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। চাৰিওফালৰ অঞ্চল আৰু পাহাৰীয়া অৰণ্যত অনুসন্ধান আৰম্ভ কৰা হয়। তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ ফোনো কৰা হয়।
সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাবাৰো ৰিং হোৱাৰ পিছত ফোন ছুইচ অফ দেখাইছিল। বিষয়া দুজনৰ সন্ধানত গোটেই নিশা তালাচী চলোৱা হয়। অৱশেষত বৃহস্পতিবাৰে পুৱা কিষ্টৱাৰৰ বনাঞ্চলৰ পৰা উদ্ধাৰ হয় দুয়োজনৰে মৃতদেহ। তেওঁলোকৰ মৃতদেহৰ পৰা উদ্ধাৰ হৈছে তেওঁলোকে লগত নিয়া বন্দুক। আৰক্ষীয়ে জনোৱা মতে, বিষয়া দুজন নিৰুদ্দেশ হোৱা ঠাইৰ পৰা ২ কিলোমিটাৰ দূৰৈত মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুয়োৰে মৃতদেহত গুলীৰ আঘাত পোৱা গৈছে। এই ঘটনাত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষীয়ে। অঞ্চলটো ঘেৰাও কৰি অব্যাহত আছে তালাচী অভিযান।













