
বুধবাৰে এক ‘হাইজেক এলাৰ্ট’ক (Flight Hijack threat)লৈ কলকাতা বিমানবন্দৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, বুধবাৰে পুৱা কলকাতাৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনলৈ উৰণৰ ঠিক পূৰ্বেই হাইজেক এলাৰ্ট প্ৰেৰণ কৰা হয়। এই ঘটনা সংঘটিত হয় এয়াৰ ইণ্ডিয়াৰ এআই-৭৭২ বিমানত। সূত্ৰ অনুসৰি, বিমানখন উৰণৰ পূৰ্বে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ (এটিচি) অপহৰণৰ বাৰ্তা প্ৰেৰণ কৰে। লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। নিৰাপত্তাৰ কাৰণে বিমানখন শীঘ্ৰে আইছ’লেশ্যন বে’লৈ লৈ যোৱা হয়।

নিৰাপত্তাৰক্ষী ক্ষিপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। সমগ্ৰ বিমানখন ঘেৰাও কৰি তালাচী আৰম্ভ কৰা হয়। বোমা আৰু ডগ স্কোৱাডো উপস্থিত হয়। যাত্ৰীসকলক আইছ’লেশ্যন বে’ত তিনিখন বাছত ৰখা হয়। সূত্ৰ অনুসৰি, তেওঁলোকৰ সামগ্ৰীও বাছত উঠাৰ পূৰ্বে তালাচী চলোৱা হয়। তদন্তকাৰী বিষয়াই সেউজ সংকেত নিদিয়ালৈকে বিমানখন উৰণৰ অনুমতি দিয়া নহ’ব বুলি বিমানবন্দৰৰ সূত্ৰই প্ৰকাশ কৰিছে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা ১০.৩৭ বজাত বিমানখনৰ শৌচাগাৰৰ পৰা এখন নোট উদ্ধাৰ কৰা হয়। তাত লিখা আছিল যে বিমানখন অপহৰণ কৰা হ’ব। এই ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে বিমানখন শীঘ্ৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। বিমানখনৰ পৰা নমাই তালাচী চলায় যাত্ৰীসকলক। তিনি ঘণ্টাৰো অধিক সময় ধৰি চলে এই অনুসন্ধান।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহত একেৰাহে দুদিন ধৰি কলকাতা বিমানবন্দৰত বোমাতংকৰ সৃষ্টি হৈছিল। বিমানৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হৈছিল ‘বোমা ৰখা হৈছে’ বুলি লিখা এখন ভাবুকি পত্ৰ। সেই ঘটনাৰ কেইদিনমানৰ ভিতৰতে পুনৰ আতংক বিয়পি পৰে। উল্লেখ্য যে ছেপ্টেম্বৰ মাহত ফ্লাইডুবাইৰ এজন সহ-পাইলটে ইজৰাইল অভিমুখী বিমান অপহৰণ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ বিমানখন নমাবলৈ চেষ্টা কৰিছিল। ভাৰতীয় পাইলট স্মিথে পাইলটজনক চোকা অস্ত্ৰৰে আঘাত কৰিছিল। ককপিটত দুয়ো পাইলটৰ মাজত ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হয়। পাইলট স্মিথে ককপিট খুলি কেনেবাকৈ ওলাই আহিবলৈ সক্ষম হয়। ইয়াৰ পিছত যাত্ৰীসকলে সহ-পাইলটজনক ধৰি আঁতৰাই পেলায়। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।










