
এনভিডিয়াৰ চিইঅ’ৰ (NVIDIA CEO case) সৈতে ‘চোৰাংচোৱা’ৰ প্ৰেমৰ সম্পৰ্কই চীনক ৭০০ কোটি ডলাৰৰ চিপ লাভ কৰাত সহায় কৰিলে। এই খবৰ বিদেশী সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনভিডিয়াৰ মুৰব্বী জেনচেন হুয়াং আৰু মেগাস্পীডৰ চিইঅ’ এলিছ হুয়াঙৰ সম্পৰ্কৰ উৰাবাতৰিয়ে আমেৰিকাৰ ৰাজনৈতিক আৰু ব্যৱসায়িক মহলত আলোড়নৰ সৃষ্টি কৰিছে। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে যে এলিছ আচলতে চীনৰ চোৰাংচোৱা। এনভিডিয়া আৰু আমেৰিকাৰ গোপন নথি-পত্ৰ চীনলৈ চোৰাংভাৱে লৈ আহিছিল।

অভিযোগ অনুসৰি, চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰালয়ৰ হৈ এই চোৰাংচোৱাগিৰি কৰিছিল। কিন্তু এইবাৰ খবৰটো হ’ল যে এই সম্পৰ্কৰ ভিত্তিত ২০২৩ চনৰ পৰা বেইজিঙে চীনৰ কোম্পানীসমূহৰ জৰিয়তে প্ৰায় ৭.৫ বিলিয়ন ডলাৰৰ এনভিডিয়া চিপ লাভ কৰিছে। সংবাদ মাধ্যম ‘দ্য ইনফৰ্মেশ্যন’ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এলিছে ভগ্নী আৰু স্বামীৰ সহায়ত সমগ্ৰ চীন আৰু ছিংগাপুৰৰ বিভিন্ন কোম্পানীৰ জটিল নেটৱৰ্ক বা লেবিৰিন্থ সৃষ্টি কৰিছিল, যাৰ মূল উদ্দেশ্য আছিল এনভিডিয়াৰ পৰা চিপ লাভ কৰা। মেগাস্পীডৰ চিইঅ’ৰ সৈতে পৰিচিত সূত্ৰৰ উদ্ধৃতি দি ‘দ্য ইনফৰ্মেশ্যন’-এ প্ৰকাশ কৰা অনুসৰি, এই কৰ্প’ৰেট নেটৱৰ্কৰ মূলতে আছে ‘ছাংহাই চেঞ্চুৰী লিটং’ নামৰ এটা চীনা কোম্পানী। ২০২৩ চনৰ জুন মাহত স্থাপিত এই কোম্পানীটোৱে একে বছৰৰ অক্টোবৰৰ ভিতৰত এনভিডিয়াৰ ‘প্ৰিয় ক্লাউড পাৰ্টনাৰ’ তালিকাত অন্তৰ্ভুক্ত হয়। এই মৰ্যাদাই কোম্পানীটোক এনভিডিয়া চিপ ক্ৰয় কৰাত অগ্ৰাধিকাৰ লাভ কৰাৰ সুযোগ দিছিল।
তদন্তত এইটোও প্ৰকাশ পাইছে যে বিগত দুবছৰত হুয়াং লে নামেৰেও পৰিচিত এলিছ হুয়াঙে চীন চৰকাৰক ২ লাখ ৪০ হাজাৰ চিপ (মূলতঃ এইচ১০০ আৰু এইচ২০০ ছিষ্টেম) চীনলৈ প্ৰেৰণ কৰাত সহায় কৰিছে, যিবোৰ চীন চৰকাৰে ৰপ্তানিৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছিল। ইয়াৰ উপৰি প্ৰায় ৭.৫ বিলিয়ন ডলাৰৰ এআই জিপিইউ আমদানি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰয়টাৰে পৰ্যালোচনা কৰা বাণিজ্যিক তথ্য প্ৰদানকাৰী ইম্প’ৰ্টজিনিয়াছৰ নথি অনুসৰি, ২০২৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত মেগাস্পীডৰ ইণ্ডোনেছিয়াৰ সহযোগী কোম্পানীয়েও এনভিডিয়া হাৰ্ডৱেৰ আমদানি কৰিছিল। ইয়াৰ ভিতৰত এইচ১০০ প্ৰচেছৰ আৰু আনুষংগিক উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ গিগাবাইটৰ সহযোগী প্ৰতিষ্ঠান গিগা কম্পিউটিঙকে ধৰি বিভিন্ন যোগানকাৰীৰ পৰা আহৰণ কৰা হৈছিল। এইচ১০০ হৈছে এনভিডিয়াৰ অন্যতম উন্নত প্ৰচেছৰ, যিটো চীনলৈ ৰপ্তানি কৰাত বাধা আৰোপ কৰা হৈছে। কিন্তু ইণ্ডোনেছিয়ালৈ এই চালানসমূহ যে আমেৰিকাৰ ৰপ্তানি নিয়ন্ত্ৰণ আইন উলংঘা কৰাৰ প্ৰমাণ সেয়া নিশ্চিত নহয়।
প্ৰতিবেদন অনুসৰি, এলিছে এনভিডিয়াৰ মুৰব্বীৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ বাবে আন ঠাইত পোৱাটো কঠিন চিপ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। এলিছৰ ঘনিষ্ঠ সূত্ৰই দ্য ইনফৰ্মেশ্যনক জনোৱা মতে, তেওঁ এনভিডিয়াৰ চিইঅ’ৰ সৈতে ঘনিষ্ঠতাৰ বিষয়ে মুকলিকৈ জনাইছিল। নিজৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ প্ৰায়ে জেনচেনৰ সৈতে নিজৰ ফটো ৱেইচাট একাউণ্টত আপলোড কৰিছিল। আনকি তেওঁ দাবী কৰিছিল যে জেনচেনে তেওঁৰ লগত প্ৰায়ে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল আৰু দামী উপহাৰ দিছিল। এনভিডিয়াৰ এজন বিক্ৰী বিভাগৰ কৰ্মচাৰীয়ে কয় যে চীনৰ স্থানীয় অংশীদাৰসকলৰ বাবে আয়োজন কৰা বাৰ্ষিক অনুষ্ঠানত এলিছ আছিল এক চিনাকি মুখ।
যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ চালান পলম হৈছিল বা কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া এলিছে আগবাঢ়ি আহি যোগান শৃংখলত সহায় কৰিছিল। আন এটা সূত্ৰই জনোৱা মতে, এই মেগাস্পীডৰ বিষয়াজনে প্ৰায়ে এনভিডিয়া আৰু ইয়াৰ যোগানকাৰীৰ সৈতে নিজৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা কয়। আৰু এই সম্পৰ্কৰ বাবেই তেওঁ সদায় এনভিডিয়াৰ এআই চিপ ক্ৰয় কৰিব পাৰিছিল। বিভিন্ন হিচাপ অনুসৰি, ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত চীনে মেগাস্পীডৰ জৰিয়তে প্ৰায় ৪.৬ বিলিয়ন ডলাৰৰ এআই চিপ আমদানি কৰিছিল। ইয়াৰ উপৰি স্পীডমেট্ৰিক্সৰ জৰিয়তে আৰু ২ বিলিয়ন ডলাৰৰ চিপ আমদানি কৰা হৈছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘ছাংহাই চেঞ্চুৰী লিটং’-এ প্ৰায় ৭.৫ বিলিয়ন ডলাৰৰ জিপিইউ ক্ৰয় কৰিছিল আৰু এলিছ হুয়াঙে চীনলৈ প্ৰায় ২ লাখ ৪০ হাজাৰ নিষিদ্ধ চিপ সংগ্ৰহ কৰাত সহায় কৰিছিল।










