ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

News Desk by News Desk
November 11, 2026
Reading Time: 1 min read
A A
0
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত

RELATED POSTS

Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

Four Poachers Arrested in Assam’s Teok; One Injured in Rhino Attack

New Logo Smal 1 | ASSAM TIMES POST

কলকাতা-ছাইৰাং এক্সপ্ৰেছখন (Digaru train accident) ৰে’লপথৰ পৰা আঁতৰি যোৱাৰ পিছতো চুঁচৰি বহু দূৰলৈ আগবাঢ়ি যায়। ৰে’লখনৰ এজন যাত্ৰীয়ে এনে এক অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। ৰে’লৰ পেণ্ট্ৰি কাৰৰ মেনেজাৰৰো একে অভিজ্ঞতা আছিল। তেওঁ কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোক শুই আছিল। প্ৰচণ্ড শব্দত তেওঁ আচৰিত হৈ পৰে। তেওঁ উপলব্ধি কৰে যে ৰে’লখন ৰে’ললাইনৰ পৰা ওলাই গৈছে। তাৰ বাবে তেওঁ আসনৰ পৰা চিটিকি পৰে। কিন্তু ৰে’লখন বেছি বেগেৰে গতি নকৰাৰ বাবে বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা গ’ল বুলি মেনেজাৰজনে কয়। উল্লেখ্য যে বুধবাৰে পুৱা ৬৫৪ বজাত অসমৰ ডিগাৰু ষ্টেচনৰ সমীপত কলকাতাৰ পৰা ছাইৰাং অভিমুখী এখন ৰে’ল দুৰ্ঘটনাত পতিত হয়। প্ৰথমে ইঞ্জিনটো ৰে’লপথৰ পৰা ওলাই যায়। ইয়াৰ পিছত এটা এটাকৈ পাঁচটা ডবা ৰে’লপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাত আহত হয় কেইবাজনো লোক। যদিও কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত নহ’ল, তথাপিও যাত্ৰী আৰু ৰে’লৰ কৰ্মচাৰীৰ মুখত আতংক দেখা গৈছিল। অভিজ্ঞতাৰ কথা কওঁতে বাৰে বাৰে কঁপি উঠিছিল তেওঁলোকৰ কণ্ঠ।

Digaru train accident I
আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ:

পেণ্ট্ৰি কাৰৰ মেনেজাৰজনে সংবাদ সংস্থা এএনআইক জনোৱা মতে, “আমি সকলোৱে শুই আছিলোঁ। গুৱাহাটীলৈকে সকলো ঠিকেই আছিল। গুৱাহাটী ষ্টেচনত ৰে’লখন ৰখায়। তাৰ পিছত ৰে’লখনে আকৌ গতি কৰিবলৈ ধৰে। গতি ভাল আছিল। অৱশ্যে ডিগাৰু ষ্টেচন পাৰ হোৱাৰ পিছত গতি কমি গ’ল। ষ্টেচনটোৰ প্লেটফৰ্ম পাৰ হোৱাৰ পিছত মই এটা ডাঙৰ শব্দ শুনিলোঁ। গাড়ীখন কঁপি উঠিল। মই মোৰ আসনৰ পৰা চিটিকি পৰিলোঁ।”

মেনেজাৰজনে কয় যে শব্দ শুনি তেওঁ উপলব্ধি কৰে যে এক্সপ্ৰেছ ৰে’লখন ৰেলপথৰ পৰা ওলাই গৈছে। পিণ্টু সৰকাৰ নামৰ এজন পেণ্ট্ৰী কাৰ কৰ্মচাৰীয়ে কয় যে তেওঁলোকে পুৱাৰে পৰা কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছিল। সেই সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লপথৰ পৰা বাগৰি পৰাৰ বাবে তেওঁ গাড়ীৰ ভিতৰত বাগৰি পৰে। জোকাৰণি উঠে। দুৰ্ঘটনাটোৰ কেইঘণ্টামান পাৰ হ’লেও পিণ্টুৰ আতংক কমি যোৱা নাই। আন যাত্ৰীৰ অভিজ্ঞতাও প্ৰায় একেই। এজন যাত্ৰীয়ে কয় যে ৰে’লখন দুৰ্ঘটনাত পতিত হোৱাৰ কথা গম পাই ডবাটোৰ সকলোৱে নামিবলৈ চেষ্টা কৰে। কিন্তু ক্ষতিগ্ৰস্ত ডবাবোৰৰ মাজেৰে ওলাই অহাটো অতি কঠিন হৈ পৰিছিল। গাড়ী দুখনৰ মাজৰ ঠাইখিনি সংকীৰ্ণ হৈ পৰিছিল।

কি কাৰণত দুৰ্ঘটনাটো ঘটিল? প্ৰাথমিক তদন্তৰ অন্তত ৰে’লৱেই এক অধিসূচনা জাৰি কৰি কয় যে কলকাতা-ছাইৰাং এক্সপ্ৰেছক ‘লুপ’ লাইনলৈ প্ৰেৰণ কৰি আন এখন ৰে’লৰ বাবে বাট মুকলি কৰা হৈছিল। ‘লুপ’ লাইনলৈ যোৱাৰ সময়তে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। কিন্তু এটা ভিডিঅ’ মুকলি কৰা হৈছে। তাত দাবী কৰা হৈছে যে ভিডিঅ’টো ৰে’লপথৰ পৰা ওলাই যোৱাৰ পূৰ্বে চালকৰ কেবিনৰ পৰা লোৱা হৈছিল। ভিডিঅ’টোত চালকজনে কোৱা শুনা যায়, “ছিগনেল ৰেড। ইমাৰ্জেন্সী ছিষ্টেমে কাম কৰা নাই। একোৱেই কাম কৰা নাই।” ইয়াৰ কেইছেকেণ্ডমানৰ ভিতৰতে তীব্ৰ শব্দৰে ৰে’লখন ৰে’ললাইনৰ পৰা ওলাই যায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আসনৰ পৰা চিটিকি পৰিলোঁকলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ
Share4Tweet3Send

Related Posts

Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত

by News Desk
November 11, 2026
50
Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প
Assam

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

by News Desk
November 10, 2026
53
Four Poachers Arrested in Assam’s Teok; One Injured in Rhino Attack
Assam

Four Poachers Arrested in Assam’s Teok; One Injured in Rhino Attack

by News Desk
November 10, 2026
50
Zubeen Garg health condition : জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ, জনালে চিকিৎসকে
Assam

জুবিন দাৰ ন্যায়ৰ দাবীত অভয়াপুৰীৰ পিৰাধৰাত ৬০০০ মাটিৰ চাকি

by News Desk
November 9, 2026
50
দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড
Assam

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পাঁচ স্থানত ভয়ংকৰ অগ্নিকাণ্ড

by News Desk
November 9, 2026
51
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

by News Desk
November 7, 2026
51
ADVERTISEMENT
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d