
পেৰিছ অলিম্পিক (Paris Olympics)ত পুৰুষ বনাম মহিলা বিতৰ্ক (Male vs Female debate)। এই বিতৰ্কই এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে। উল্লেখ্য, বক্সিং ৰিঙত প্ৰৱেশৰ ৪৬ ছেকেণ্ডৰ ভিতৰতে নাম প্ৰত্যাহাৰ (Name Withdrawal) কৰে ইটালীৰ মহিলা বক্সাৰ এঞ্জেলিনা কাৰিনিয়ে (Italian female boxer Angelina Carini)। আঘাতৰ বাবে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হয় যদিও ৰিঙৰ পৰা আঁতৰি যোৱাৰ ফলত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আলজেৰিয়াৰ ইমান খালিফ (Algeria’s Iman Caliph)ৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল কাৰিনি। কিন্তু এতিয়া খালিফক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰকৃততে তেওঁ মহিলা নে পুৰুষ!
উল্লেখ্য, ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত নিজকে মহিলা হিচাপে প্ৰমাণ কৰিব পৰা নাছিল খালিফে। কিন্তু বিশ্ব অলিম্পিক সংস্থাই খালিফক পেৰিছ অলিম্পিকত খেলাৰ অনুমতি দিয়ে। কাৰিনিয়ে কয় যে খালিফৰ ঘোচাবোৰ বৰ কঠিন আছিল। সমগ্ৰ কেৰিয়াৰত তেওঁক ইমান জোৰে কোনেও ঘোচা মৰা নাছিল। ৪৬ ছেকেণ্ডৰ যুঁজখনতো কাৰিনিৰ নাকৰ পৰা তেজ ওলোৱা দেখা গৈছিল। ৰিঙত বহি তেওঁ কান্দি থকা দেখা গৈছিল।

উল্লেখ্য যে ২০২২ চনত খালিফে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাই কয় যে তেওঁ নিজকে মহিলা হিচাপে প্ৰমাণ কৰিব পৰা নাছিল। আনহাতে, যোৱা বছৰ দিল্লীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো তেওঁৰ অন্তিমখন মেচ তাৰবাবেই বাতিল কৰা হৈছিল। কিন্তু অলিম্পিক সংস্থাই খালিফক খেলিবলৈ অনুমতি দিয়ে।
ইফালে ইটালীৰ মহিলা বক্সাৰগৰাকীয়ে ৪৬ ছেকেণ্ডত নাম প্ৰত্যাহাৰৰ ফলত খালিফক লৈ পুনৰ প্ৰশ্ন উত্থাপন হয়। আনকি মেচৰ অন্তত খালিফৰ লগত হাতো মিলাব পৰা নাছিল কাৰিনিয়ে।
আনহাতে, ইটালীৰ প্ৰধানমন্ত্ৰীও এই ঘটনাক লৈ অসন্তুষ্ট। জৰ্জিয়া মেল’নীয়ে কয়, “মই ভাবো যে যিসকল খেলুৱৈ জিনগতভাৱে পুৰুষ, তেওঁলোকক মহিলাৰ ইভেণ্টত খেলিবলৈ দিয়া উচিত নহয়। মই এই কথা কাকো এককভাৱে ক’বলৈ কোৱা নাই। মই নাৰীক সুৰক্ষা দিবলৈ কথাটো কৈছো। তেওঁলোকক নিজৰ মাজতে যুঁজিবলৈ সুযোগ দিবলৈ কৈছোঁ।”
ইফালে খালিফক লৈ ইমানবোৰ প্ৰশ্নৰ মাজতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখপাত্ৰ মাৰ্ক এডামে মুখ খুলিছে। তেওঁ কয়, “মহিলাৰ খেলত সকলো খেলুৱৈয়েই মহিলা। সকলোৰে পাছপ’ৰ্টত লিখা আছে। সেইবাবেই তেওঁলোকক খেলিবলৈ দিয়া হৈছে।” ইফালে আলজেৰিয়াৰ এজন অলিম্পিক বিষয়াই কয়, “আমাৰ খেলুৱৈসকলক অন্যায়ভাৱে আক্ৰমণ কৰা হৈছে। বিদেশী প্ৰেছে এই কাম কৰি আছে।”
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ তথ্য অনুসৰি, খালিফ জিনগতভাৱে পুৰুষ।













