
আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেল (Archery quarter-finals)ৰ পৰা বিদায় ল’লে দীপিকা কুমাৰী (Deepika Kumari)য়ে। ইয়াৰ লগে লগে আৰ্চাৰীত চলিত বৰ্ষৰ অলিম্পিক (Paris Olympics)ত ভাৰতৰ পদক জয়ৰ আশা নিৰ্বাপিত হ’ল। ইতিমধ্যে ভজন কৌৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল। এইবাৰ দীপিকা কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়।

দীপিকাই কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় স্থানৰৰ চুহিয়নৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। ভাৰতীয় ধনুৰ্ধৰগৰাকী তেওঁৰ বিৰুদ্ধে যুঁজত পৰাস্ত হয়। দীপিকাই প্ৰথম ছেটটোত জয়ী হৈছিল যদিও দ্বিতীয় ছেটটো হেৰুৱায়। পুনৰ তৃতীয় ছেটত দীপিকা উভতি আহিলেও পৰৱৰ্তী দুটা ছেট হেৰুওৱাৰ পিছত তেওঁ অলিম্পিকৰ পৰা বাহিৰ হয়।













