
বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বান (Call for student movement)ত যোৱা ৪ আগষ্ট দেওবাৰৰ পৰা সমগ্ৰ বাংলাদেশত আৰম্ভ হয় সৰ্বাত্মক অসহযোগ কাৰ্যসূচী। আন্দোলনৰ ৯ দফীয়া দাবী (Claim) এতিয়া এটা দফালৈ নামি আহিছে- হাছিনা চৰকাৰৰ পদত্যাগ (Hasina government resigns)। ইফালে দেওবাৰে গণতান্ত্ৰিক ছাত্ৰ মিত্ৰজোঁটে ‘অন্তৱৰ্তীকালীন গণতান্ত্ৰিক চৰকাৰ’ (Interim Democratic Government) গঠনৰ আহ্বান জনায়।
বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ বাতৰি অনুসৰি, এই ‘গণতান্ত্ৰিক ছাত্ৰ মিত্ৰতা’ সাতটা বাঁওপন্থী ছাত্ৰ সংগঠনেৰে গঠিত। দেওবাৰে সংবাদ মাধ্যমত প্ৰকাশিত এক যৌথ বিবৃতিত মিত্ৰজোঁটৰ সদস্যসকলে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে এই পৰিস্থিতিত দেশৰ বিভিন্ন শ্ৰেণী আৰু বৃত্তিৰ জনসাধাৰণে এখন অন্তৱৰ্তীকালীন গণতান্ত্ৰিক চৰকাৰ গঢ়ি তুলিব লাগে।

এই বিবৃতিত স্বাক্ষৰ কৰে মিত্ৰজোঁটৰ সমন্বয়ক তথা ছাত্ৰ সন্থাৰ সভাপতি ৰাগিব নইম, সমাজতান্ত্ৰিক ছাত্ৰ সন্থাৰ সভাপতি ছলমান ছিদ্দিকী, বিপ্লৱী ছাত্ৰ মৈত্ৰীৰ সভাপতি দিলীপ ৰায়, ডেম’ক্ৰেটিক ছাত্ৰ পৰিষদৰ সভাপতি ছয়েদুল হক, ছাত্ৰ ফেডাৰেচনৰ সভাপতি মিতু সৰকাৰ, বৃহত্তৰ চট্টগ্ৰাম হিল ট্ৰেক্টছৰ ছাত্ৰ পৰিষদ সভাপতি চাকমা আৰু বিপ্লৱী ছাত্ৰ-যুৱ আন্দোলনৰ সভানেত্ৰী তৌফিকা মিয়াৰে।
বিবৃতি অনুসৰি, আৱামি লীগ চৰকাৰে কোটা সংস্কাৰৰ দাবীক কেন্দ্ৰ কৰি ছাত্ৰ আন্দোলন দমন কৰিবলৈ বৰ্বৰ ‘জুলাই হত্যাকাণ্ড’ সংঘটিত কৰিছিল। আৰক্ষী, বিজিবি আৰু আৰএবিৰ সংযুক্ত বাহিনীয়ে অসংখ্য ছাত্ৰ-ছাত্ৰীক হত্যা কৰে। ছাত্ৰ-ছাত্ৰীৰ ৰক্তৰে ৰঞ্জিত এই চৰকাৰৰ হাত। গতিকে সমগ্ৰ দেশৰ জনসাধাৰণৰ এতিয়া এটাই কথা, এটাই দাবী- এই চৰকাৰখনে অনতিপলমে পদত্যাগ কৰক। ইয়াৰ পিছত তেওঁলোকে বিবৃতিটোত ‘অন্তৱৰ্তীকালীন গণতান্ত্ৰিক চৰকাৰ’ গঠনৰ আহ্বান জনায়। এই চৰকাৰৰ প্ৰাথমিক কাম হ’ব আন্দোলনকাৰীৰ নামত দাখিল কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰা, সকলো বন্দীক মুকলি কৰি দিয়া, হত্যাকাণ্ড আৰু নিৰ্যাতনৰ তদন্ত আৰু গোচৰ চলোৱা, ছাত্ৰ-সমূহীয়া হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত সকলোকে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আদি।












