
বাংলাদেশৰ পৰা (From Bangladesh) পলায়ন কৰাৰ পিছত দিল্লীৰ সমীপৰ গাজিয়াবাদৰ হিন্দন বিমান ঘাটিত (Hindon Air Base in Ghaziabad) অৱতৰণ কৰে শ্বেখ হাছিনাৰ বিমান (Sheikh Hasina’s plane lands)। এক সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰা হৈছে। লগতে এইটোও জানিব পাৰ গৈছে যে হাছিনাই ভাৰতত ৰাজনৈতিক আশ্ৰয় লোৱা নাই। সেয়েহে তেওঁৰ পৰৱৰ্তী গন্তব্যস্থানৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। অৱশ্যে অনিশ্চিত এক সূত্ৰৰ মতে, হাছিনাৰ লণ্ডন ভ্ৰমণৰ সম্ভাৱনা আছে। তেওঁ ভাৰতত কোনো ৰাজনৈতিক আশ্ৰয় বিচৰা নাই। প্ৰথমে শুনা গৈছিল যে সোমবাৰে নিশা তেওঁ লণ্ডনলৈ বিমান ধৰিব পাৰে। ইয়াৰ পিছত জনা গৈছে যে ব্ৰিটেইনে হাছিনাৰ ৰাজনৈতিক আশ্ৰয়ৰ অনুৰোধ নাকচ কৰিছে। অৱশ্যে চৰকাৰী সূত্ৰৰ পৰা এই সন্দৰ্ভত কোনো বিশেষ তথ্য লাভ কৰা হোৱা নাই। কিন্তু তেনেকুৱা হ’লে হয়তো আগন্তুক কেইদিনমান দিল্লীতে থাকিব পাৰে হাছিনা।

উল্লেখ্য যে দিল্লীৰ উপকণ্ঠ অঞ্চলৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিত সোমবাৰে সন্ধিয়া ৬ বজাত অৱতৰণ কৰে হাছিনাই। এই বিমানঘাটি হৈছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ঘাটি। এই বিমানঘাটিটো বায়ুসেনাৰ পশ্চিম বায়ুসেনাৰ কমাণ্ডে ৰক্ষণাবেক্ষণ কৰে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, বাংলাদেশ বায়ুসেনাৰ কাৰ্গো বিমানেৰে হাছিনা গাজিয়াবাদত অৱতৰণ কৰে। তেওঁৰ সৈতে আছিল তেওঁৰ ভগ্নী শ্বেখ ৰেহানা আৰু একাংশ বিষয়া।
আনহাতে, ইতিমধ্যে বাংলাদেশত সেনাৰ অধীনত অন্তৱৰ্তীকালীন তত্ত্বাৱধায়ক চৰকাৰ গঠন হোৱাৰ খবৰ পোৱা গৈছে। এক সূত্ৰৰ মতে, তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী হাছিনাক বাংলাদেশ সেনাই পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছিল। এক সূত্ৰই দাবী কৰিছে যে তেওঁক ৪৫ মিনিট সময় দিয়া হৈছিল। অৱশ্যে আন কেইবাটাও সূত্ৰই দাবী কৰিছে যে সমগ্ৰ বিষয়টো সেনা আৰু দিল্লীৰ সৈতে আলোচনা কৰা হৈছে। ইয়াৰ পিছত হাছিনাই পদত্যাগ কৰে।











