
বাংলাদেশত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে মঙলবাৰে পুৱা নৰেন্দ্ৰ মোডী চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। পুৱা ১০ বজাৰ পৰা সংসদত আৰম্ভ হয় এই বৈঠক। সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, বৈঠকত সকলো দলৰ প্ৰতিনিধিৰ সন্মুখত বাংলাদেশৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে (S Jaishankar)। আন এক সূত্ৰ মতে, মঙলবাৰে জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত দুয়োখন সদনক বিবৃতি প্ৰদান কৰিব।

আনহাতে, বাংলাদেশৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে সোমবাৰে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেবিনেট সচিব ৰাজীৱ গৌবা, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব পি কে মিশ্ৰ, ৰবি সিনহা, চোৰাংচোৱা বিভাগৰ মুৰব্বীৰ সঞ্চালক তপন ডেকা। উল্লেখ্য যে গণ প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি বাংলাদেশ বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতলৈ আহে।
ভাৰতৰ মুখ্য নিৰাপত্তা উপদেষ্টা অজিত ডোভালে গাজিয়াবাদৰ হিণ্ডন বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰি সোমবাৰে সন্ধিয়া হাছিনাক সাক্ষাৎ কৰে। হাছিনাৰ বিদায়ৰ পাছত তেওঁৰ চৰকাৰী বাসগৃহ ‘গণ ভৱন’, সংসদ ভৱন, তেওঁৰ দল আৱামী লীগৰ সৰু-বৰ কাৰ্যালয়ৰ লগতে ঢাকাত থকা ইন্দিৰা গান্ধী ভাৰত-বাংলাদেশ সাংস্কৃতিক কেন্দ্ৰতো আক্ৰমণ কৰা হয়। বুলড’জাৰেৰে ভাঙি পেলোৱা হয় বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ মূৰ্তিও।
আনহাতে, এই অশান্তিৰ পৰিৱেশত বাংলাদেশৰ নাগৰিকৰ মাজত ভাৰতত আশ্ৰয় লোৱাৰ প্ৰৱণতা বাঢ়িব পাৰে বুলি আশংকা কৰা হৈছে। পূৰ্বৰ শাসকীয় দল আৱামী লীগৰ নেতা-কৰ্মীসকলৰ উপৰি দেশখনৰ সংখ্যালঘু জনতায়ো এই তালিকাত অন্তৰ্ভুক্ত হ’ব বুলি অনুমান কৰা হৈছে।












