ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: ‘কা’ বিৰোধী আন্দোলন আৰু মাঘৰ বিহু প্ৰস্তুতিৰ মাজতেই একাংশই যুৱ-প্ৰজন্মক ধ্বংশৰ দিশে নিবলৈ ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে।বহু বছৰ ধৰি উজনিৰ ড্ৰাগছ ঘাটি হিচাপে পৰিচিত ডিব্ৰুগড়ত এইবাৰ মুখ্যমন্ত্ৰী গৃহৰ প্ৰায় সমীপতে এক কিলোগ্ৰাম পৰিমাণৰ কুকেইন আৰক্ষীয়ে জব্দ কৰে ।ডিব্ৰুগড় আৰক্ষীৰ এক গোপন অভিযানত এক কেজি তিনি গ্ৰাম কুকেইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ লক্ষ্মী নগৰ স্থিত গৃহৰ কিছু নিলগৰ টেপৰগাৱৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পূৰ্ব পৰিকল্পিত ভাৱে খাপ পিতি তিনি সৰবৰাহকাৰীক এই বৃহৎ পৰিমাণৰ কুকেইনখিনি সহ হাতে লোতে ধৰা পেলাবলৈ সক্ষম হোৱাত ৰাইজে স্বস্তিৰ নি:স্বাস পেলাইছে।ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক,ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ এটা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ বিৰুদ্ধে এই বৃহৎ সফলতা লাভ কৰে।আৰক্ষীৰ মতে তিনিজনীয়া সৰবৰাহকাৰীৰ দলটোৱে উক্ত ঠাইডোখৰত আন এজনক এই কুকেইনখিনি গতাবলৈ আহিছিল।
আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী ক্ৰমে বৰবৰুৱাৰ নতুন বলাইৰ মনোজ কুমাৰ সোণোৱাল,দুলীয়াজান বামহুকুত্তা গাঁৱৰ গিৰিছ সোণোৱাল আৰু বৰবৰুৱাৰ পুৰণি বলাইৰ প্ৰতীক বৰা বুলি জানিব পৰা গৈছে।দুখন মটৰ বাইকত এই কুকেইনখিনি এই তিনি যুৱকে কঢ়িয়াই আনিছিল।
আৰক্ষীয়ে ইতিমধ্যে NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা তিনিওকে জেৰা আৰম্ভ কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছে।ইফালে চহৰৰ পৰা নিলগৰ শান্ত পৰিবেশৰ উক্ত জনবসতি প্ৰধান অঞ্চলটোত এনে দুষ্কৰ্মৰ স্থান হিচাপে বাছি লোৱা কাৰ্যতো ইতিমধ্যে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ যে বিগত কিছু বছৰৰ পৰা ডিব্ৰুগড়ৰ চহৰৰ পৰা ক্ৰ:মশ চহৰৰ দাঁতিকাষৰীয়া অঞ্চললৈ ড্ৰাগছৰ বেহা বিয়পিবলৈ ধৰিছে।ইতিমধ্যে মিলন নগৰ অঞ্চলৰ ওপৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাৰ সময়তে আজি মিলন নগৰৰে সমীপৰ এই অঞ্চলত এক কেজি কুকেইন জব্দ কৰি আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে।













