
তেওঁক লৈ পদকৰ যি আশা কৰা হৈছিল, তাত নিৰাশ নকৰিলে বিনেশ ফ’গাটে (Vinesh Phogat)। অলিম্পিকত ভাৰতৰ হৈ চতুৰ্থটো পদক লাভৰ দুৱাৰদলিত। আজি মল্লযুঁজত তেওঁ ৫০ কেজি শাখাৰ ফাইনেলত পঅংশগ্ৰহণ কৰিব।

মেচখনত জয়ী হ’ব পাৰিলে স্বৰ্ণ পদক, অন্যথা ৰূপৰ পদক নিশ্চিত হৈ আছে। ছেমি ফাইনেলত তেওঁ কিউবাৰ গুজমান লোপেজক পৰাস্ত কৰে।
উল্লেখযোগ্য যে ২৯ বছৰীয়া বিনেশ হৈছে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু। উল্লেখযোগ্য যে তীব্ৰ প্ৰতিদ্বন্দিতামূলক মেচখনত তেওঁ জয়ী হোৱাৰ পিছত তেওঁৰ প্ৰশিক্ষকৰ চকুলো ওলাই আহে। আজি তেওঁৰ স্বৰ্ণ যুঁজৰ প্ৰতিদ্বন্দ্বী হৈছে আমেৰিকাৰ চাৰা এন হিল্ডেব্ৰাণ্ড।










