
বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত বকলীয়াঘাট আৰক্ষী থানাৰ নাকা চেকিঙত ৫৯ বস্তা বাৰ্মিজ ছুপাৰি (Burmese Supari) জব্দ কৰাৰ লগতে ছয়জন সৰবৰাহকাৰীক আটক কৰা হয় বুলি জানিব পৰা গৈছে ৷ ছুপাৰিখিনিৰ ওজন ২৩৬০ কেজি বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি সৰবৰাহকাৰীয়ে নগালেণ্ডৰ পৰা তিনি খন বলেৰ পিকাপ ভানত বৃহৎ পৰিমানৰ ছুপাৰি সৰবৰাহ কৰিছিল ৷ সৰবৰাহকাৰীসকলে বাহন সমুহত প্ৰথমে ছুপাৰিৰ বস্তা আৰু তাৰ ওপৰত বাহৰ কামি জাপি আনিছিল ৷
বাৰ্মিজ ছুপাৰি জব্দকৃত বাহন কেইখন ক্ৰমে, AS 09 BC 1186, AS 09 BC 2733 আৰু AS 03 CC 3541 এই সন্দৰ্ভত আৰৰীয়ে চালক সহ ছজন লোক ক্ৰমে জিৰছং টেৰণ, জিৰছং লেকথে, ইছলামউদ্দিন, আমান বৰা, মানুৱেল কুজুৰ, দিনোছিং চাতুম্বাক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













