
২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন (Assembly)। ইয়াৰ বাবে অসম বিধানসভা সচিবালয়ে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে। এই অধিবেশন বৃহস্পতিবাৰৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব।

এই ৯ দিনীয়া অধিবেশনত বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা কেইবাখনো বিধেয়ক এই অধিবেশনত উত্থাপন কৰা হ’ব।
অধিবেশনত উত্থাপন হ’বলগীয়া বিধেয়কসমূহৰ ভিতৰত ‘অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্ধন বিধেয়ক, ২০২৪’ অন্যতম বিধেয়ক হ’ব। এই বিধেয়কখনৰ মুখ্য উদ্দেশ্য হৈছে ৰাজ্যৰ সকলো নগৰৰ জলাশয়বোৰ সামৰি লৈ এক নতুন আইন প্ৰণয়ন কৰা। ইতিমধ্যে গ্ৰহণ কৰা কেবিনেট বৈঠকৰ সিদ্ধান্তত এই বিধেয়কত ৰাজ্যৰ সকলো প্ৰাকৃতিক জান-জুৰি অন্তৰ্ভুক্ত কৰা হৈছে।
আনহাতে, চৰকাৰী জলাশয়ৰ লগতে ২ একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি নগৰ-মহানগৰত ৬ বিঘাতকৈ অধিক মাটিকালিৰ ব্যক্তিগত জলাশয় বা পুখুৰী এই বিধেয়কৰ আওতালৈ আহিব।
তেনে ক্ষেত্ৰত ব্যক্তিগত হ’লেও ইয়াক পুতিব নোৱাৰিব। তাৰ বিপৰীতে এইবোৰৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে দুখন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিলা পৰ্যায়ৰ কমিটীখনে সকলো জৰীপ তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ইয়াৰ প্ৰতিবেদন ৰাজ্যিক কমিটীক জমা দিব লাগিব।













