ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ২০২০ বৰ্ষৰ আৰম্ভণিতে অসমীয়া ছবি জগতলৈ পুনৰ এক আলোড়ন সৃষ্টি কৰাৰ লক্ষ্যৰে দৃশ্যগ্ৰহণ আৰম্ভ হৈছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনী, সংলাপ আৰু অভিনয়ৰে ৰঘুপতি নামৰ এখন ডাঙৰ পৰ্দাৰ কথাছবি৷
তৃষ্ণা মোছন পিকৰ্ছৰ নিবেদিত নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান চিত্ৰনাট্য আৰু পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাৰে আৰম্ভ হোৱা কথাছবিখনত দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, অৰুণ হাজৰিকা, প্ৰীতি কংকনা, সিদ্ধাৰ্থ শৰ্মা, ৰাজ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লবী আদিয়ে। মনোজ মিশ্ৰই প্ৰযোজনা কৰা ছবিখনত মেকআপ কৰিছে বিজেয়িতা পাটগিৰি, জুৰি কলিতাৰ কষ্টিয়ম ডিজাইন, সংগীত পৰিচালনা কৰিছে প্ৰণয় দত্ত আৰু আৰস্বদ মাছুদ ৰহমানে৷
এৰিয়েল চিনেমেটগ্ৰাফী অৰ্ণৱ হাজৰিকা, সহযোগী পৰিচালক হিচাপে আছে হেমন্ত গগৈ আৰু সহঃ পৰিচালক হিচাপে আছে নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়াই। প্ৰায় ১.৫ কোটি টকাৰ বৃহৎ বাজেটেৰে চিত্ৰগ্ৰহণ চলি থকা ছবিখনৰ লোকেশ্বন অতি মনোমোহা৷ গুৱাহাটী, গোলাঘাট, বঙাইগাঁও আদিৰ উপৰিও অসমৰ বাহিৰত চিত্ৰগ্ৰহণ হ’ব লগা ছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ ৫০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। বৰ্তমান ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে গোলাঘাটৰ ভিন্ন স্থানত। মাঘ বিহুৰ পিছতে গুৱাহাটী আৰম্ভ হ’ব চিত্ৰগ্ৰহণ।













